কোৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত! এমএমচিএইচত কোৰোনা আক্ৰান্ত ৰোগী ৰখাবলৈ নাই খালী বিচনা…

কোৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত! এমএমচিএইচত কোৰোনা আক্ৰান্ত ৰোগী ৰখাবলৈ নাই খালী বিচনা…

ডিজিটেল ডেস্কঃ সুৰক্ষিত নহয় গুৱাহাটী, সুৰক্ষিত নহয় অসম। যি য'ত আছে, তাতেই থাকক। অসমৰ অৱস্থা এতিয়া যথেষ্ট বেয়া। এই কথা অৱশেষত স্বীকাৰ কৰি ল'লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোৰোনাত আক্ৰান্ত ৰোগীক ভৰ্তি কৰিবলৈ এমএমচিএইচত আৰু খালী নাই বিচনা। কেৱল মহিলা ৰোগীৰ বাবে আছে ৬খন বিচনা।- স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা কোৰোনা সংক্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে মন্তব্য কৰিলে শুকুৰবাৰৰ নিশা।

জিএমচিএইচত কেৱল অতি গুৰুত্বপূৰ্ণ ৰোগীৰ বাবেহে চিকিৎসা ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- দুই এদিনতে কালাপাৰত থকা চিকিৎসালয়ত ৰোগী ভৰ্তি কৰিব পৰা যাব। সোমবাৰৰ ভিতৰত সোণাপুৰত কোভিড-১৯ৰ বাবে প্ৰস্তুত কৰা ১০০ কোৰোনাত আক্ৰান্ত ৰোগীৰ বাবে ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জনায়।

ইফালে, মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, চিআৰপিএফৰ ৬জনকৈ লোক আক্ৰান্ত হৈছে কোৰোনাত। এই সকলকো তেওঁ চিকিৎসা ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে। আন ৰোগীসকলৰ বাবে চিন্তা কৰি জিএমচিএইচত বেছি প্ৰেছাৰ ল'ব বিচৰা নাই বুলি কয় তেওঁ সাংবাদিকক।

অসমৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ কথা ক'লে মন্ত্ৰী শৰ্মাই.। সেয়েহে তেওঁ যিসকল লোকে সুৰক্ষিত গুৱাহাটী বা অসম বুলি ভাবি ঘূৰি অহাৰ চিন্তা-চৰ্চা কৰিছে, তেনেলোকক য'তে আছে তাতেই থাকিবলৈ অনুৰোধ জনায়। এইখিনিতে মন কৰিব লগা যে অসমত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা যোৱা ৩ দিনত ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৫৯জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in