এটা ফোন নম্বৰঃ যিটোত এতিয়া সকলোৱে কথা পাতিব খোজে…

এটা ফোন নম্বৰঃ যিটোত এতিয়া সকলোৱে কথা পাতিব খোজে…

ডিম্পুল বৰগোহাঁই

হেল্ল… এয়া ১০৪?- দৈনিক এটা দুটা নহয়, হাজাৰ হাজাৰ ফোন এই নম্বৰত। সকলোৱে বিচাৰে এই নম্বৰত কথা পাতিবলৈ। অপেক্ষাত ৰৈ থাকে এই নম্বৰত সিমূৰৰ পৰা সহাঁৰি অহালৈ। কিয়নো এতিয়া কোৰোনাৰ সংক্ৰমণ চৌদিশে।

বিশ্বত কেতিয়া অন্ত পৰিব কোৰোনাৰ সন্ত্ৰাস! প্ৰতিদিনাই শতাধিক লোকৰ প্ৰাণ লোৱা ভাইৰাছৰবিধৰ প্ৰতিষেধক কোনা উন্নত ৰাষ্ট্ৰই আজি পৰ্যন্ত আৱিষ্কাৰ কৰিব পৰা নাই। অৱশ্যে আমেৰিকাকে ধৰি দুই এখন ৰাষ্ট্ৰত প্ৰতিষেধক নিৰ্মাণ হৈছে বুলি দাবী কৰিলেও ৰাষ্ট্ৰকেইখনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এই সম্পৰ্কত কোনো ঘোষণা কৰা নাই। তথাপিও সকলোৰে কামনা, বিজ্ঞানৰ আগত কোৰোনাই এদিন হাৰ মানিব।

দেশ-বিদেশত অসংখ্য গৱেষক কোৰোনাৰ প্ৰতিষেধক নিৰ্মাণত ব্যস্ত থকাৰ সময়তে যোৱা শনিবাৰে বেংগালুৰুৰ এগৰাকী কিশোৰ জ্যোতিষীয়ে বিশ্ববাসীক অভয়বাণী প্ৰদান কৰিছে, যে অচিৰেই কোৰোনাই বিশ্বৰ পৰা বিদায় লব। বেংগালুৰুৰ এই কিশোৰ জ্যোতিষীগৰাকীৰ নাম অভিজ্ঞ আনন্দ। অসাধাৰণ এই কিশোৰগৰাকীয়েই বিগত বৰ্ষৰ ২২ আগষ্টত ভৱিষ্যতবাণী কৰিছিল যে- ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ২০২০ৰ এপ্ৰিল মাহৰ লৈকে পৃথিৱী অতি কঠিন পৰিস্থিতিত থাকিব।

অভিজ্ঞ আনন্দ

নিজৰ ইউটিউব চেনেলৰ যোগে জ্যোতিষবিদ্যাত পাৰ্গত ১৪ বছৰীয়া কিশোৰগৰাকীয়ে লগতে এই বুলিও ঘোষণা কৰিছিল যে, এই দুৰ্যোগৰ প্ৰাৱল্য ৩১ মাৰ্চত সবোচ্চ হ'বগৈ। অভিজ্ঞ আনন্দ শেহতীয়াকৈ মন্তব্য কৰিছে যে, চলিত বৰ্ষৰ অহা ২৯ মে'ত এই দুৰ্যোগৰ অন্ত পৰিব। কোৰোনাই অচিৰেই পৃথিৱীৰ পৰা বিদায় লোৱাৰ ভৱিষ্যতবাণী কেৱল জ্যোতিষ শাস্ত্ৰৰ সৈতে জড়িত লোকেই যে কৰিছে এনে নহয়। ২০১৩ চনত ৰাসায়ন বিজ্ঞানত নোবেল পুৰষ্কাৰপ্ৰাপ্ত বিজ্ঞানী মাইকেল লেবিটেও ঘোষণা কৰিছে, কোৰোনা ভাইৰাছ এতিয়া উপস্থিত হৈছে অন্তিম ক্ষণত।

নোবেল পুৰষ্কাৰপ্ৰাপ্ত বিজ্ঞানীগৰাকীয়ে কয় যে, সামাজিক দুৰত্ব যেতিয়াৰে পৰা বিশ্ববাসীয়ে বজাই ৰাখিছে তেতিয়াৰ পৰাই কোৰোনাৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে। কোৰোনাক প্ৰতিহত কৰিবলৈ বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই যি ব্যৱস্থা গ্ৰহণ কৰিছে তালৈ লক্ষ্য ৰাখি কোৰোনাই অতিৰেই পৃথিৱীৰ পৰা নাইকিয়া হ'ব বুুলি মতপোষণ কৰিছে বিজ্ঞানীগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, বিজ্ঞানী মাইকেল লেবিটেও কেইটামান বছৰৰ পূৰ্বে চীনত অচিৰেই এটা মহামাৰীয়ে প্ৰৱেশ কৰাৰ ভৱিষ্যতবাণী প্ৰদান কৰিছিল।

ৰাসায়ন বিজ্ঞানত নোবেল পুৰষ্কাৰপ্ৰাপ্ত বিজ্ঞানী মাইকেল লেবিট

জ্যোতিষ শাস্ত্ৰৰ লগতে বিজ্ঞানৰ সৈতে জড়িত ব্যক্তিসকলে কোৰোনাক লৈ এনে ভৱিষ্যতবাণী প্ৰদান কৰিলেও কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত দেশৰ প্ৰতিখন ৰাজ্যতে এতিয়া কোৰোনাক প্ৰতিহত কৰাৰ বাবে যুঁজ অব্যাহত আছে। বিশ্বত কোৰোনাত আক্ৰান্তৰ সংখ্যালৈ চাই এই কথা কব পাৰি যে, দেওবাৰে ১২ বজা পৰ্যন্ত এই সংখ্যাই ৭ লাখৰ ঘৰ চুবগৈ।

বজাই ৰাখক সামাজিক দুৰত্ব নহলে

ভাৰতবৰ্ষত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ঈশ্বৰৰ কৃপাত অসমত বৰ্তমানলৈকে এজনো লোক কোৰোনাত আক্ৰান্ত হোৱা নাই। তথাপিও বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন লোকৰ দেহত যিকোনো সময়তে কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ আশংকাত ৰাজ্য চৰকৰা সষ্টম হৈ আছে। লকডাউন ঘোষণাৰ পিছৰে পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ প্ৰস্তুতি কৰাও পৰিলক্ষিত হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত কেইটামান দিনত ৰাজ্যৰ প্ৰায় সকলো চিকিৎসালয় পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে। ৰাজ্যৰ চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীসকলক যিকোনো পৰিস্থিৰিৰ বাবে সাজু থাকিবলৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশো প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰে কোৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ গুৱাহাটীৰ লগতে ৰাজ্যৰ পাঁচখন ৩০০ বিছনাযুক্ত প্ৰি-ফিব্ৰিকেটেড হস্পাতালৰ নিৰ্মাণৰ দিশেও আগবাঢ়িছে।

কোৰোনাত আক্ৰান্ত ১০০০ লোকৰ চিকিৎসাৰ বাবে ইতিমধ্যে সৰুসজাইত ষ্টেডিয়ামত সাজি উলিওৱা হৈছে বিশেষ কক্ষ। লগতে সাধাৰণ ৰোগীৰ বাবে চৰকাৰী চিকিৎসালয়ৰ পৰিৱৰ্তে ঠিক কৰি দিয়া হৈছে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে, গুৱাহাটীৰ ৩৬ খন আৰু ডিব্ৰুগড়ৰ ২৭ খন ব্যক্তিগত খণ্ডৰ সৈতে ৰাজ্য চৰকাৰে ইতিমধ্যে বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে।

সৰুসজাই সাজু

ৰাজ্য চৰকাৰৰ এনে প্ৰস্তুতিৰ মাজতেই বহুসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুকেইজন ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে বুলি আতংকৰ সৃষ্টিয়ো হৈছে। আচলতে কোৰোনা ভাইৰাছৰ প্ৰাথমিক কিছু লক্ষণ প্ৰত্যক্ষ কৰিয়েই এনে আতংকৰ সৃষ্টি হয়। সাধাৰণতে বতৰ সলনি হোৱা এনে সময়ত জ্বৰ, চৰ্দিৰ লগতে পানীলগা জাতীয় সৰু-সুৰা অসুখ হোৱাটো স্বাভাৱিক। আৰু বহুলোকে এনে কিছু লক্ষণকেই কোৰোনাৰ লক্ষণ বুলি ভাবি আতংকৰ সৃষ্টি কৰা দেখা গৈছে।

জনসাধাৰণৰ এনে কিছু বিভ্ৰান্তি দূৰ কৰি প্ৰাথমিক পৰামৰ্শৰ জৰিয়তে কোৰোনাংতকৰ পৰা আতৰাই ৰাখিবলৈ অসম চৰকাৰে ইতিমধ্যেই বহুকেইটা হেল্পলাইন মুকলি কৰিছে। অন্য চাৰিটা নম্বৰৰ লগতে শেহতীয়াকৈ কোৰোনাৰ হেল্পলাইন নম্বৰ হিচাপে ১০৪ নম্বৰটোকো অন্তভূক্ত কৰিছে চৰকাৰে। আতংকিত নহৈ, সাৱধানতাৰ জৰিয়তে কোৰোনাক কেনেকৈ প্ৰতিহত কৰিব পাৰি তাৰ বাবে এই হেল্পলাইন নম্বৰৰ জৰিয়তে চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীসকলে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকক দিহা-পৰামৰ্শ প্ৰদান কৰি আহিছে।

অনুৰাধাস্থিত ১০৪ ৰ কাৰ্যালয়

প্ৰতিদিনাই জ্বৰ, কাঁহৰ দৰে স্বাভাৱিক ৰোগত আক্ৰান্ত সহস্ৰাধিক গৰাকী লোকে এই নম্বৰ কেইটাৰ সৈতে যোগাযোগ কৰে। দেওবাৰে অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ সাংবাদিকে মহানগৰীৰ অনুৰাধাস্থিত ১০৪ সাৰথি সমাধান সেৱা মুখ্য কেন্দ্ৰৰ পৰা জানিব পাৰিলে যে প্ৰতিদিনাই প্ৰায় ৮-১১ হাজাৰ লোকে এই চেন্টাৰলৈ কোৰোনাৰ সংক্ৰান্তীয় বিভিন্ন পৰামৰ্শ বিচাৰি ফোন কৰিছে।

কেন্দ্ৰটোৰ এগৰাকী বিষয়াই সদৰি কৰা মতে, বিগত ২৩ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে ১০৪ লৈ ফোন কৰিছে মুঠ ৪৩,৫৩৯ গৰাকীয়ে। ইয়াৰে বেছিভাগ লোকেই কোৰোনা সংক্ৰান্তীয় বিভিন্ন লক্ষণৰ কথা কৈ শংকিত হৈ পৰে যদিও চিকিৎসকৰ পৰামৰ্শত আশ্বস্ত হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ২৪ ঘন্টাই জনসাধাৰণৰ ফোনৰ বাবে খোলা থকা কেন্দ্ৰটোত ৩ টা চীফ্টত কাম কৰে কৰ্মচাৰীসকলে।

কোনদিনা কিমানজনে ফোন কৰে

প্ৰতিটো চীফ্টত ২০-৩০ গৰাকী স্বাস্থ্যকৰ্মীয়ে সেৱা আগবঢ়াই থকা কেন্দ্ৰটো পুৱা ৭ বজাৰ পৰা ৩বজালৈ, দুপৰীয়া ২বজাৰ পৰা নিশা ১০ বজালৈ আৰু নিশা ১০ বজাৰ পৰা পুৱা ৮ বজালৈকে তিনিটা চীফ্টত কাম কৰে স্বাস্থ্যকৰ্মীসকলে। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীৰ সংখ্যা কম আছিল যদিও জনসাধাৰণৰ ফোনৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণক বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ১০৪ লৈ ফোন কৰা সকলো লোকৰে ফোন ৰিচিভ কৰাটো সম্ভৱ হৈ উঠা নাই। তথাপিও কৰ্মীসকলে চেষ্টা কৰে যে সকলো লোকৰে তেওঁলোকে বিচৰা পৰামৰ্শ প্ৰদান কৰিবলৈ চেষ্টা কৰে। বিষয়াগৰাকীয়ে লগতে জনায় যে, যোৱা ২৩ মাৰ্চত তেওঁলোকে মুঠ ৫২৪৩ গৰাকী লোকক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিছে।

ফোনৰ অপেক্ষাত

ঠিক তেনেদৰে যোৱা ২৪ মাৰ্চত ১০৪ লৈ ফোন কৰা মানুহৰ সংখ্যা আছিল ১০,১২৩। ইয়াৰ বিপৰীতে তেওঁলোকে পৰামৰ্শ প্ৰদান কৰিবলৈ সক্ষম হৈছে ৫,৭৮০ গৰাকীলোকক। ২৫ মাৰ্চত ফোন কৰা লোকৰ সংখ্যা ১১,৩০৩ গৰাকী আৰু ৰিচিভ কৰা ফোনৰ সংখ্যা হৈছে ৬,৩৪২। ২৬ মাৰ্চত ফোন কৰা লোকৰ সংখ্যা ১০,৬২৪ আৰু ৰিচিভ কৰা ফোনৰ সংখ্যা হৈছে ৬,৪২৫। ২৭ মাৰ্চত ফোন কৰা লোকৰ সংখ্যা ৯,১৪৫ গৰাকী আৰু ৰিচিভ কৰা ফোনৰ সংখ্যা হৈছে ৭,৬১০ । ২৮ মাৰ্চত ফোন কৰা লোকৰ সংখ্যা ৮,৪০০ গৰাকী আৰু ৰিচিভ কৰা ফোনৰ সংখ্যা হৈছে ৭,৩৪৮।

এনেদৰে প্ৰতিদিনাই কোৰোনাত সন্ত্ৰাস আৰম্ভ হোৱাৰে পৰা দিনে-ৰাতিয়ে ব্যস্ত আছে ১০৪ৰ লগতে ৰাজ্যৰ অন্যান্য স্বাস্থ্যকৰ্মীসকল। বহুলোকৰ ফোন ৰিচিভ কৰিব নোৱাৰাৰ বাবে দুষিত বুলিও জনালে বিষয়াগৰাকীয়ে। লগতে জনালে যে, প্ৰতিগৰাকী কৰ্মীয়েই আমালৈ কৰা প্ৰতিটো কলৰ উত্তৰ দিবলৈ চেষ্টা কৰে।

পৰামৰ্শৰ বাবে

প্ৰতিটো কলৰ উত্তৰ দিয়াৰ চেষ্টা কৰা হয় বিষয়াগৰাকীয়ে ক'লে যদিও পৰামৰ্শ বিচাৰি বিভিন্ন লোকে কৰা কলৰ বিপৰীতে কৰ্মীৰ সংখ্যা কম যেন আমাৰ অনুভৱ হ'ল। প্ৰতিদিনেই যদি ১০ হাজাৰ লোকে ফোন কৰে তাৰ বিপৰীতে ২০-৩০ গৰাকী কৰ্মীৰ সংখ্যা পৰ্যাপ্ত নহয় বুলিয়েই সকলোৱেই অনুভৱ কৰিব। সেয়ে যি কি নহ'লেও ২৪ ঘন্টাই এই সেৱা খোলা ৰখাৰ পদক্ষেপ সচাকৈয়ে প্ৰশংসনীয়।

এনেদৰে প্ৰায় সকলো প্ৰস্তুতি কৰিছে স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰে। তথাপিও কিন্তু অসমৰ পৰা এতিয়াও সংকট আতৰা নাই। শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে, অসমৰ বাহিৰৰ পৰা অহা সকলো লোকৰ হ'ম কোৱাৰেন্টাইনত থকাৰ ১৪ দিন সম্পূৰ্ণ হ'ব ৯ এপ্ৰিলত। সেই সময়লৈকে যদি এজনো লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা নপৰে তেতিয়া কোৰোনাৰ সংক্ৰমণৰ পৰা প্ৰথম পৰ্যায়ত অসম বাচি যাব। এতিয়া অপেক্ষা মাথো ৯ এপ্ৰিললৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in