নিউক্লিয়াৰ বোমাতকৈও ভয়ানক নেকি কোৰোনাৰ মৃতদেহ…

নিউক্লিয়াৰ বোমাতকৈও ভয়ানক নেকি কোৰোনাৰ মৃতদেহ…

প্ৰকাশ মহন্ত

কোৰোনা ৰোগতকৈও ভয়ংকৰভাৱে বিপজ্জনক এই ৰোগত মৃত্যু হোৱা লোক। এনে মৃতদেহ যেন এটা নিউক্লিয়াৰ বোমাতকৈও ভয়ংকৰ। সেয়েহে, এনে মৃতদেহ সৎকাৰৰ বাবে চৰকাৰে ঘোষণা কৰি থৈছে অতিকে কঠোৰ নীতি-নিৰ্দেশনা। পিছে কঠোৰ নীতি-নিৰ্দেশনা বুলি কলেও সেয়া দৰাচলতে কি সেই কথাও স্পষ্ট নহয়। যাৰবাবে অসমত যোৱাখিনি দিনত মৃত্যু হোৱা প্ৰায় প্ৰতিজন লোকৰ শেষকৃত্যৰ বাবে পৰিয়ালৰ লোকে বৰ্ণনাতীত হাৰাশাস্তি ভোগ কৰি কৰিবলগীয়া হৈছে।

অসমৰ সভ্যতা- সংস্কৃতিত কোনো দিনে নেদেখা দৃশ্য দেখিব লগা হৈছে আৰু নুশুনা কথা শুনিব লগা হৈছে। যিখন অসমত সাধাৰণ বন্যপ্ৰাণীৰ মৃত্যু হলেও অগণন লোক সমৱেত হৈ ধূপৃ-ধূনা জ্বলায় মৃতদেহৰ সৎকাৰ কৰে, সেইখন অসমতে কোৰোনাত মৃত্যু হোৱা মৃতদেহৰ কাষৰ পৰা পৰিয়ালৰ সদস্যই বহুদূৰ আঁতৰি থকাৰ এক মৰ্মান্তিক দৃশ্য সহজলভ্য হৈ পৰিছে।

আন কোনোবা কোৰোনাত আক্ৰান্তৰ মৃতদেহ লৈ পত্নী-পুত্ৰ ইখনৰ পাছত সিখন শশ্মানলৈ দৌৰিব লগা হৈছে, অথচ ইতিমধ্যেই চৰকাৰে বিয়পাই দিয়া আতংকগ্ৰস্ত ৰাইজে সৎকাৰ কৰিবলৈ অনুমতি দিয়া নাই। কেইদিনমান পূৰ্বে জি এম চি এইচত কোৰোনাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ মৰ্গত সোমোৱাই থৈ পত্নীক পঠাই দিয়া হৈছিল কোৰোন কন্ট্ৰ'ল ৰূমৰ পৰা মৃতদেহ নিবলৈ অনুমতি উলিয়াবলৈ।

স্বামীক হেৰুৱাৰ বাবে এটোপা চকুপানী টুকাৰো সুযোগ নাছিল অসহায় মহিলাগৰাকীৰ। ইবাৰৰ পাছত সিবাৰকৈ কোৰোনা কট্ৰ'ল ৰূমলৈ অহা যোৱা কৰোতে এই বিষয়ে কোনো অভিজ্ঞতা নথকা মহিলাগৰাকীৰ চাৰিদিন পাৰ হৈ গৈছিল। অসমৰ সভ্যতা-সংস্কৃতি, ভদ্ৰ সমাজৰ তথাকথিত ভদ্ৰতা,মানৱতা আৰু ক্ষুদ্ৰ বন্যপ্ৰাণীৰ মৃত্যুক লৈ টিভিৰ টক শ্ব'ত শিৰ ফুলাই চিঞৰা মানৱীৱতাৰ অ'থৰিটী পাৰ্চন সকলো এই বিষয়ত নিমাতে আছিল।

দুদিন পূৰ্বে দিছপুৰ পলিক্লিনিকত মৃত পিতৃৰ কোৰোনা পজিটিভ বুলি সন্তানক জানিবলৈ দিয়া কৰ্তৃপক্ষই লগতে ইয়াকো কলে যে, স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ তেওঁৰ মৃতদেহ মৰ্গৰ পৰা উলিয়াই দিব পৰা নাযাব। মৃত পিতৃক মৰ্গত থৈ ওৰেটো দিন অকলশৰে চিকিৎসালয়ৰ পদুলিত খাব পিটা সেই সন্তানৰ আকুলতা টিভিৰ পৰ্দাত প্ৰৰ্দশিত হৈছিল। কিন্তু কোৰোনাৰ 'ছচিয়েল ডিষ্টেন্সিঙে'মানুহৰ মানসিক দুৰত্বও ইমান বঢ়াই দিলে যে, এই অসহায় সন্তান তথা জি এম চি এইচৰ সেই বিহ্বল পত্নীগৰাকীৰ বেদনাদায়ক এই দৃশ্যই কাৰো হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে।

এয়া মাত্ৰ দুটামান উদাহৰণহে। শুকুৰবাৰৰ দিনটোৰ লৈকে অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩০জন লোকৰ। ইয়াৰে প্ৰায় ২৫গৰাকী লোকৰ শেষকৃত্যত পৰিয়ালৰ লোকে বৰ্ণনাতীত যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে বহুজনে আত্নীয়ৰ শেষকৃত্যত অংশ লোৱাটো দুৰৰ কথা, আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানতো ভাগ লবলৈ কোনেও ভাগ লোৱা নাছিল। ইফালে নিজৰ গাঁৱৰে অতি হৃদয়ৱান লোকজনৰ মৃত্যু হোৱাৰ পিছতো তেওঁৰ মৃতদেহ গাঁৱৰ ৰাজহুৱা শশ্মানত অন্তোষ্ট্ৰিক্ৰিয়া কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ সংগৱদ্ধভাৱে লোক ওলাই আহিছিল।

এনে দৃশ্য অসমীয়া সমাজে কেতিয়াও দেখা নাই। চৰকাৰে লোৱা সৰ্তকতামূলক ব্যৱস্থাৰ বাবে সৃষ্টি হোৱা এয়া সজাগতা নে আচলতে চৰকাৰী অব্যৱস্থাৰ শোকাৱহ পৰিণতি। কিয়নো গুৱাহাটী মহানগৰীতে এনে কেইবাটাও ঘটনা ঘটিছে যত মৃতদেহৰ সতকাৰ হৈ যোৱাৰ পিছতহে কোৰোনাৰ পজিটিভ ৰিৰ্পট ওলাইছে আৰু সেই সতকাৰত ভাগ লোৱা সকলক কোৱাৰেন্টাইন কৰা হৈছে।

চৰকাৰে এসময়ত ঘোষণা কৰিছিল যে, কোৰোনাৰ মৃত লোকৰ সতকাৰৰ বাবে সুকীয়া শশ্মান বা কবৰস্থানৰ ব্যৱস্থা কৰা হব। আমাৰ ৰাজ্যত চৰকাৰী ভূমিৰ এনেকুৱা অভাৱ হোৱা নাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত তেনে ভূমি আছে। যদি সচাঁকৈ কোৰোনাৰ মৃতদেহটো ইমান ভয়ংকৰ হয়, তেনেহলে জি এম চি এইচৰ কোৰোনাক্ৰান্তৰ প্ৰথমজন ৰোগীৰ মৃত্যুৰ পাছতেই এনে এখন শশ্মানৰ নিৰ্মাণ কৰাটো চৰকাৰৰ প্ৰথম দায়িত্ব আছিল। তাকে নকৰি, পৰিয়াল সমন্বিতে মানৱীয় মূল্যবোধ সম্পন্ন অসমীয়া সমাজখনক এনে অমানুষিক মানসিকতাৰে গঢ় দিয়াৰ বাবে চৰকাৰকে নিশ্চয় জগৰীয়া কৰিব লাগিব।

এটা প্ৰশ্নৰ উত্তৰ মোৰ মগজুয়ে ঢুকি পোৱা নাই! যদিহে কোৰোনাত মৃত্যু হোৱা লোকজনৰ মৃতদেহটোৰ পৰা হব পৰা সংক্ৰমণ ইমানেই মাৰাত্মক হয় তেনেহলে দুদিন লকডাউন খুলি দি হাটে-বজাৰে ৰাইজক উবুৰি খাই পৰিবলৈ চৰকাৰে কিয় সুবিধা দিছে? ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৰ সুসংগঠিত কৰি সকলো সামগ্ৰী ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰা নাই কিয়? নে কোৰোনা কোন পৰিৱেশত কিমান ভয়াৱহ তাৰ কোনো উৱাদিহেই চৰকাৰে এই পৰ্যন্ত বিচাৰি পোৱা নাই। যাৰবাবে প্ৰতিমুৰ্হূততে সলনি হৈছে চৰকাৰৰ স্থিতি অথচ নীতি-নিৰ্দেশনা।

অসমৰ ৰাইজৰ ওপৰেৰেও ইতিপূৰ্বে বহুকেইটা মহামাৰী পাৰ হৈ গৈছে। ক'লা জ্বৰ, কলেৰা, গৰ্ভ বসন্ত, বৰ আই, বাৰ্ড ফ্লু, চোৱাইন ফ্লু, মেলেৰিয়া, জাপানী এনকেফেলাইটিছ আদি । অৱশ্যে ইয়াৰে সকলো ভাইৰাছজনিত নহয়।কিন্তু যিসময়ত তিনি মাহৰ ভিতৰত অসমত কোৰোনাত আক্ৰান্ত হৈ ৩০জন লোকৰ মৃত্যু হৈছে, সেই একে সময়তে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ২৪জন লোকৰ মৃত্যু হৈছে।

তদুপৰি বিষাক্ত সাপে খুটা, বলিয়া কুকুৰে কামুৰা আদিৰ বাবে হোৱা জলাতংক ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও নগণ্য নহয়। স্বাস্থ্য বিজ্ঞানৰ মতে, জলাতংক বা সৰ্প দংশনত মৃত জনৰ সতকাৰৰ সময়তো ইয়াত ভাগ লোৱা সকল প্ৰাণঘাটি বিষক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ১০০শতাংশ সম্ভাৱনা থাকে। কিন্তু অসমত এনে লোকৰ সতকাৰৰ ক্ষেত্ৰত আজিৰ দৰে পৰিস্থিতি কোনো কালে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰা নাছিল।

মানৱীয়তাৰ দিশত বিশ্ব ভিতৰতে আগশাৰীত থকা অসমীয়া সমাজক কোৰোনা প্ৰতিৰোধী সজাগতাৰ নামত চৰকাৰে আতংকিত কৰি যোৱা সময়চোৱাত এনে এক বিচ্ছিন্ন মানসিকতা গঢ়ি তুলিছে যত বিদ্যুত পৰিবাহী তাঁৰত লাগি মাটিত খহি পৰি ধৰফৰাই থকা কাউৰীটোকো পানী দি জীয়াবলৈ চেষ্টা কৰা মানুহেই এতিয়া নিজৰ চুবুৰীৰে বৃদ্ধজন বা কণমাণি ছোৱালীজনী জ্বৰ বা কাঁহত চটফটাই থকা অৱস্থাত অসহায় বৃদ্ধ পিতৃ বা কণমাণি পুত্ৰক সহায় কৰিবলৈ নোযোৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।

এয়া সচাঁকৈয়ে সামাজিক বিচ্ছিন্নতা! ৰোগৰ সংক্ৰমণৰ পৰা বাচিবলৈ শাৰিৰিক ব্যৱধানৰ যি প্ৰয়োজনীয়তা আছিল তাক ভুল শব্দ(ছচিয়েল ডিষ্টেন্সিং)ৰে বাখ্যা কৰাৰ নিশ্চিত কৰুণ পৰিণতি এয়া। ইয়াৰ ফল বহুদিনলৈ অসমৰ ৰাইজেও ভোগ কৰিব লাগিব।

শেহতীয়া এক আশাৰ খবৰ এইয়ে যে, সবৰ্ত্ৰে চলা এনে এক বিচ্ছিন্নতা আৰু কোৰোনাত আক্ৰান্তৰ অন্তোষ্টিক্ৰিয়াৰ বাবে নিজৰ গাঁৱৰ কবৰস্থান অথবা শশ্মানতে অনুমতি নিদিয়া পৰিস্থিতি দুৰ কৰাৰ বাবে গোটেই অসমৰ কবৰস্থান পৰিচালন সমিতিৰ সদস্যক লৈ গুৱাহাটীৰ ইছলামপুৰ ৰাজহুৱা সমিতিয়ে শনিবাৰে এক সভা অনু্ষ্ঠিত কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ মুল উদ্যোক্তা হল নেকিবুৰ জামান। তেওঁ জানিবলৈ দিয়া মতে, 'মৃতদেহৰ অন্তোষ্ট্ৰিক্ৰিয়াক লৈ চলা এই পৰিস্থিতি অৱসান ঘটাব লাগিব। তাৰ বাবে আমি অসমৰ সমূহ কবৰস্থানক কোৰোনাত মৃত লোকৰ সতকাৰৰ বাবে মুকলি কৰি দিয়াটো বিচাৰিছো। আৰু ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীলৈ মানৱীয় বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in