ক’ত হেৰালঃ ৩ মাহত চীনত অন্তৰ্ধান হ’ল ২ কোটি ১৮ লাখ লোক!

ক’ত হেৰালঃ ৩ মাহত চীনত অন্তৰ্ধান হ’ল ২ কোটি ১৮ লাখ লোক!

কোৰোনাৰ উৎপত্তিস্থল চীনত আচলতে ভাইৰাছবিধত আক্ৰান্ত হৈ কিমান লোকৰ মৃত্যু হৈছে। বহুতে দাবী কৰাৰ দৰে চীনত আচলতে কোটিৰ ঘৰত মানুহৰ মৃত্যু হৈছে নেকি! তিনি মাহত ক'ত গল চীনৰ ২ কোটি ১৮ লাখ লোক! ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন…

সমগ্ৰ বিশ্বতে এতিয়া এক সন্ত্ৰাসৰ নাম কোভিড-১৯। কোনেও হয়তো কল্পনাই কৰা নাছিল যে, চীনৰ এটা সৰু এলেকাৰৰ পৰা বিয়পা এই ভাইৰাছে এদিন বিশ্বত অতিমাৰীৰ ৰূপ ল'ব। সোমবাৰৰ লৈকে কোৰোনাত আক্ৰান্ত হৈছে প্ৰায়  ১৩ লক্ষাধিক লোক, মৃত্যু সংখ্যাও দিনক দিনে বাঢ়িয়েই আছে। কিন্তু সকাহ দিব লগীয়া খবৰ এইটোৱে যে, বিশ্বত প্ৰায় ২ লাখ ৭২ হাজাৰ লোক কোভিড-১৯ বা কোৰোনা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে।

বৰ্তমান চিকিৎসাধীন হৈ থকা প্ৰায় ৯ লাখ ৰোগী অথাৎ ৯৫ শতাংশ ৰোগীৰ অৱস্থা স্থিৰাৱস্থাত থকাৰ লগতে ৫ শতাংশ অথাৎ ৪৬,০৯৪ গৰাকী ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক। ভাৰতত সোমবাৰ পৰ্যন্ত মৃত্যু হৈছে ১২৯ গৰাকীকৈ লোকৰ। ইয়াৰ বিপৰীতে ৩৪৬ গৰাকী লোক কোৰোনাৰ পৰা মুক্ত হৈছে।

বিশ্বৰ ভিতৰত ইটালীতে বৰ্তমান কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা সৰ্বাধিক যদিও শেষৰ দুটা দিনত মৃত্যুৰ সংখ্যা বাঢ়িছে স্পেইন আৰু আমেৰিকাত। স্পেইনত ১৩,০৫৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আমেৰিকাত মৃত্যু হৈছে ৯,৬৪৪ গৰাকী লোক। বৰ্তমানলৈকে ৩ লক্ষাধিকৰো অধিক লোক আক্ৰান্ত হোৱা আমেৰিকাত শেহতীয়া ২৪ ঘন্টাত মৃত্যু হৈছে সহস্ৰাধিক লোকৰ।

সমগ্ৰ বিশ্বত কোৰোনাৰ এনে সংহাৰী ৰূপৰ মাজতে লক্ষণীয়ভাৱে উৎপত্তিস্থল চীনত কিন্তু প্ৰায় নিৰ্মূল হৈছে কোৰোনাৰ সন্ত্ৰাস। শেহতীয়াকৈ পৰ্যায়ক্ৰমে স্বাভাৱিকজীৱন ঘূৰি অহা চীনত খোলা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে পাৰ্ক, চিনেমা হ'ল আদি। আচৰিত কথা যে, বিগত কেইটামান দিনত চীনত নতুনকৈ অতি নগণ্য সংখ্যাক লোক সংক্ৰমণ হোৱাৰ লগতে মৃত্যু হৈছে ১০ গৰাকীৰো কম সংখ্যক লোক। কেইবামাহ জোৰা লকডাউনৰ অন্তত শেহতীয়াকৈ খুলি দিয়া হৈছে চীনৰ য়ুহান প্ৰান্তয়ো।

এদিনতে সহস্ৰাধিক লোকৰ মৃত্যু হোৱা চীনত কেনেকৈ কোৰোনাক প্ৰতিহত কৰিব পাৰিলে এতিয়াও বহুতৰে বাবে সাঁথৰ। লকডাউনৰ জৰিয়তে চীনে কোৰোনাক প্ৰতিহত কৰিলে বুলি চৰ্চা হলেও বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে যে, কেৱল লকডাউনেই কোৰোনাক প্ৰতিহত কৰিবৰ বাবে একমাত্ৰ উপায় নহয়। সেয়া যি কি নহলেও, বিশ্বৰ বহু সংবাদ মাধ্যমৰ লগতে বহু বিশেষজ্ঞই দাবী কৰিছে যে, চীনে এয়া নিজে সৃষ্টি কৰা মহামাৰী। যুদ্ধৰ ক্ষেপনাস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা কেমিকেল চীনৰ য়ুহান প্ৰান্তত থকা লেবৰটৰীৰ পৰা বাহিৰত প্ৰৱেশ কৰাৰ কথাও একাংশই সন্দেহ কৰিছে।

সন্দেহ কৰিলেও কোনোও এই কথা ন দি কব পৰা নাই যে এই কোৰোনা ভাইৰাছ চীনে প্ৰস্তুত কৰা। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক বৈঠকত,কোৰোনা ভাইৰাছ চীনত সৃষ্টি হোৱা বুলি স্বীকৃতি দিয়াৰ বাবে আমেৰিকাই প্ৰস্তাৱ দিছিল যদিও, বহুকেইখন দেশে এই প্ৰস্তাৱলৈ সমৰ্থন জনোৱা নাছিল। আনহাতে আমেৰিকা আৰু ইউৰোপৰ অৰ্থনীতি থানবান কৰিবৰ বাবে চীনে ভাইৰাছ মেলি দিছে বুলি কৰা দাবীৰো কোনেও গভীৰ যুক্তি আগবঢ়াব পৰা নাই। কিয়নো কোৰোনাই সন্ত্ৰাস সৃষ্টি কৰা ২০২০ৰ এই তিনিমাহত চীনৰ অৰ্থনীতি ৯ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। অইনৰ ক্ষতি কৰিবলৈ গৈ চীনৰ দৰে বৃহৎ অৰ্থনীতিৰ এখন দেশে নিজৰে ইমান লোকচান কৰিব পাৰে বুলি গৰিষ্ঠ সংখ্যকৰে মনে ধৰা নাই।

চীনক লৈ এনেবোৰ কথাৰ চৰ্চা চলি থকাৰ মাজতেই চীনৰ টেলিকম বিভাগৰ সৈতে জড়িত 'ভায়'লেছ কোম্পেনী' নামৰ এটা প্ৰতিষ্ঠানে কৰা এটা দাবীক লৈ শেহতীয়াকৈ বিশ্বৰ সকলো সংবাদ মাধ্যমতে এক প্ৰকাৰৰ হৈ চৈ লাগিছে। এই প্ৰতিষ্ঠানটোয়ে কৰা দাবীক ভিত্তি কৰিয়েই, বহু সংবাদমাধ্যমত বাতৰি পৰিৱেশন কৰা হৈছে যে- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আচলতে চীনে লুকুৱাইছে, কোৰোনাই ত্ৰাস সৃষ্টি কৰা চীনত মৃত্যুৰ সংখ্যা আচলতে কোটিৰ ঘৰত।

'ভায়'লেছ কোম্পেনী' নামৰ এটা প্ৰতিষ্ঠানটোৱে চীনক লৈ যি তথ্য সদৰি কৰিছে তাক পুনচাতেই নস্যাৎ কৰিব নোৱাৰি। টেলিকম ক্ষেত্ৰখনৰ সৈতে জড়িত এই প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যে, ২০২০ৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ চীনত প্ৰায় ২ কোটি ২০ লাখ মোবাইল আৰু লেনফোন উপভোক্তা আচৰিতভাৱে অন্তৰ্ধান হৈছে। ইয়াৰে মোবাইল উপভোক্তাৰ সংখ্যা হৈছে ২ কোটি ১০ লাখ আৰু লেনফোন উপভোক্তাৰ সংখ্যা হ্ৰাস হৈছে ৮ লাখ ৪০ হাজাৰ।

প্ৰতিষ্ঠানটোয়ে কৰা দাবী বহুখিনিলৈকে এই কাৰনেই সত্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি কব পাৰি যে, চীনত টেলিকম ক্ষেত্ৰখনৰ সৈতে জড়িত মাত্ৰ ৩ টা সংস্থাহে আছে, গতিকে উপভোক্তা বা গ্ৰাহকৰ সংখ্যা কিমান বাঢ়িছে, কিমান কমিছে তাৰ হিচাপ আনবোৰ দেশতকৈ কিছু পৰিমাণে পৰিষ্কাৰ। চীনত থকা ৩ টা টেলিকম প্ৰতিষ্ঠান হৈছে- চাইনা মোবাইল লিমিটেড, চাইনা ইউনিকম হংকং লিমিটেড আৰু চাইনা টেলিকম কপ'ৰেচন।

কোৰোনাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে অথাৎ ২০২০ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত চীনত চাইনা মোবাইল লিমিটেডৰ গ্ৰাহকৰ সংখ্যা কমিছে প্ৰায় ৮০ লাখ ইফালে চাইনা ইউনিকম হংকং লিমিটেডৰো গ্ৰাহক সংখ্যা এই দুটা মাহতে হ্ৰাস পাইছে ৭৮ লাখ। ঠিক তেনেদৰে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত চাইনা টেলিকম কপ'ৰেচনৰো গ্ৰাহকৰ সংখ্যা কমিছে ৫৬ লাখ। এনদৰে সকলো মিলাই চালে ২০২০ৰ আৰম্ভণি এই ত্ৰিমাহীত চীনত প্ৰায় ২১ মিলিয়ন চীমকাৰ্ড সেৱাৰ পৰা বাহিৰ হৈছে। সেয়েহে সকলোৱে চীনলৈ আঙুলি উঠাইছে যে, ইমান কমসময়ৰ ভিতৰতে বৃহৎ সংখ্যক মানুহৰ কেনেকৈ অন্তৰ্ধান হল।

উল্লেখ্য যে, চীনৰ সংবাদ মাধ্যমেও এই বিষয়ত কোনো বাতৰি পৰিৱেশন কৰা নাই, কিয়নো অন্যদেশৰ দৰে চীনৰ সংবাদমাধ্যমৰ স্বতন্ত্ৰতা নাই। কিন্তু আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে অতি গুৰুত্ব দি পৰিৱেশন কৰা এই বাতৰিৰ ক্ষেত্ৰতো কোনো স্পষ্টীকৰন প্ৰকাশ কৰা নাই চীনে। কিন্তু সকলোৱে দাবী কৰিছে যে, চীনৰ হাতত সকলো তথ্য মজুত আছে। কিয়নো ২০২০ৰ ফেব্ৰুৱাৰী মাহত চীনে 'ক্লছ কনটেক ডাইৰেক্ট' নামৰ এটা মোবাইল এপ প্ৰস্তুত কৰি উলিয়াইছিল।

এই এপটোৱে চীনৰ প্ৰতিগৰাকী মোবাইল বা লেনফোন গ্ৰাহকৰ পৰিচয় আৰু নথি-পত্ৰ পৰীক্ষা কৰি গ্ৰাহকৰ লোকেশ্বন আৰু ইতিহাসৰ সম্পৰ্কত অধ্যয়ন কৰাৰ লগতে কোনো কোৰোনা সংক্ৰমণ হোৱা লোকৰ সংস্পৰ্শলৈ আহিছিল নেকি তাক পৰীক্ষা কৰে। আপোনাৰ মনত প্ৰশ্ন হব পাৰে যে, ইমান কোটি কোটি মানুহৰ পৰীক্ষা চীনে এই এপটোৰ জৰিয়তে কিমান সঠিককৈ কৰে।

আচলতে ২০১৯ চনত চীনত যিকোনো টেলিকম প্ৰতিষ্ঠানৰ গ্ৰাহক হবৰ বাবে এটা নতুন নিয়ম অনা হৈছিল। এই নিয়মৰ জৰিয়তে কোনো এজন গ্ৰাহকে নতুনকৈ গ্ৰাহক হবৰ বাবে ফটো, পৰিচয় পত্ৰৰ লগতে তেওলোকৰ চেহেৰাও স্কীণ কৰা হ'ব। আৰু এই পদ্ধতিটোৰ সহায়তেই চীনা চৰকাৰে প্ৰতিজন নাগৰিকৰ ওপৰত চকু ৰাখে। গতিকে এই পদ্ধতিৰ জৰিয়তে জানুৱাৰী-মাৰ্চ মাহত চীনৰ এই ২ কোটি মানুহ কত গল, তাৰো হিচাপ অতি সহজতেই উলিয়াব পাৰে। কিন্তু এই বিষয়ত চীন এতিয়ালৈকে মৌন।

বিগত তিনিটা মাহৰ ভিতৰতে চীনৰ পৰা এই ২ কোটি লোক অন্তৰ্ধান হোৱা বিষয়ত শেহতীয়াকৈ ব্লুমবাৰ্গে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ব্লমবাৰ্গে আশংকা প্ৰকাশ কৰিছে যে, চীনৰ পৰা অন্তৰ্ধান হোৱা এই লোকসকল যে কোৰোনাতেই মৃত্যু হৈছে সেয়া ১০০ শতাংশ নিশ্চিত নহয়। চীনৰ ২ কোটিৰো অধিক টেলিকম গ্ৰাহকৰ অন্তৰ্ধান হোৱাৰ আঁৰত কেইটামান কাৰক জড়িত হৈ থাকিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে ব্লমবাৰ্গে।

চীনৰ দৰে এখন উন্নত দেশত জীৱিকাৰ খাতিৰত বহুদেশৰ পৰা লোক আহি থাকেহি। গতিকে চীনত থকা কালচোৱাত তেওঁলোকেও চীনৰ পৰাই চীম কাৰ্ড উলিয়াব লগা হয়। যেতিয়া কোৰোনাৰ সন্ত্ৰাস বৃদ্ধি পালে, এই লোকসকল চীনৰ পৰা নিজদেশলৈ গৈ সেই ফোন নম্বৰ অফ কৰিও থব পাৰে বুলি  আশংকা কৰিছে ব্লমবাৰ্গে। তেওঁলোকে লগতে প্ৰতিবেদনত কৈছে যে, চীনত কাম কৰা সৰহসংখ্যক লোক নতুন বছৰত নিজ দেশলৈ গৈ কোৰোনাই সৃষ্টি কৰা পৰিৱেশৰ বাবে পুনৰ ওলটি নাহো বুলিও সেই নম্বৰ বন্ধ কৰি দিব পাৰে। ব্লমবাৰ্গে প্ৰতিবেদনত উল্লেখ কৰিছে যে, চীনলৈ যেতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিব তেতিয়া সকলো নম্বৰৰ গৰাকীৰ পুনৰ সন্ধান ওলাব পাৰে।

ব্লমবাৰ্গে এই আশংকা কৰিলেও, ২ কোটি ২০ লাখ কোনো সৰু সংখ্যা নহয়। মাত্ৰ তিনিমাহতে ইমানবোৰ ফোন নম্বৰ বন্ধ হৈ যোৱাৰ আঁৰত যে কোনো ৰহস্য থাকিব পাৰে, সেয়া নিশ্চিত। ইফালে চীনে নিজে পতা জালতে বন্দী হ'ল বুলিও একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে। তেওঁলোকৰ মতে, চীনে প্ৰথমে ভৱা নাছিল যে নিজৰ দেশতে কোৰোনাই এনে সন্ত্ৰাসৰ সৃষ্টি কৰিব। ইমান তৎকালে বিয়পা ভাইৰাছক নিয়ন্ত্ৰণলৈ আনিবলৈ চীনৰ হাততে প্ৰতিৰোধক আছিল বুলি মন্তব্য কৰিছে বিশেষজ্ঞ সকলে। বহুতে এই আশংকাও কৰিছে, চীনে প্ৰথমে এই ভাইৰাছ মেলি দি পিছত সহায়ৰ হাত আগবঢ়াই নিজকে বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in