শিশুৰ বাবে কিমান ভয়াৱহ হ’ব পাৰে কোৰোনাৰ তৃতীয় ঢৌঁ…

শিশুৰ বাবে কিমান ভয়াৱহ হ’ব পাৰে কোৰোনাৰ তৃতীয় ঢৌঁ…

শিশুৰ বাবে কিমান ভয়াৱহ হ'ব পাৰে কোৰোনাৰ তৃতীয় ঢৌঁ…

ডিজিটেল ডেস্ক: মহামাৰী কোৰোনাৰ সন্ত্ৰাস কিছু পৰিমাণে হ্ৰাস হৈছে যদিও মৃত্যু বিভীষিকা অব্যাহত থকাৰ সময়তে এটা বিশেষ বিষয় চৰ্চা হৈ আছে যে কোৰোনাৰ প্ৰথমআৰু দ্বিতীয় ঢৌঁৰ পাছতেই কেইমাহ মানৰ ভিতৰতে তৃতীয় ঢৌঁ অহাৰ সম্ভাৱনা আছে। এই ঢৌঁত কোৰোনা সংক্ৰমণ শিশু সকলৰ দেহত অধিক মাত্ৰাত পোৱা যাব বুলি এক ধাৰণা কৰা হৈছে।

চিকিৎসা বিজ্ঞানৰ এখন আলোচনীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি কোভিড-১৯ কমিছন ইণ্ডিয়া টাস্ক ফৰ্চে ভাৰতীয় শিশুসকলৰ মাজত কোভিড-১৯ ৰোগৰ ভয়াবহতাৰ এক গবেষণা কৰিছিল আৰু তথ্য মতে ভাৰতত কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত শিশুৰ সকলৰ ৰোগৰ লক্ষণ বিশ্বৰ আন দেশবোৰৰ দৰে একেই যদিও সংক্ৰমণৰ পাছতো একাংশ শিশুৰ দেহত কোনো লক্ষণ নাছিল, বহু শিশু কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ আগতে খুব কম লক্ষণ দেখা দিছিল।

বেছিভাগ শিশুৱে কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰিও, শিশুৰ ডায়েৰিয়া, বমি আৰু পেটৰ বিষৰ সমস্যাত ভুগা দেখা গৈছিল। উল্লেখ যোগ্য যে বিগত দুটা বছৰত কোৰোনাৰ দুটা ঢৌৱে ভাৰতত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু বহু লোকে প্ৰাণ কাঢ়ি নিছিল। প্ৰথম ঢৌত সংক্ৰমিত আৰু মৃত্যৰ হাৰ চাবলৈ গলে অধিক সংখ্যক লোকেই ৪৫ ৰ উৰ্ধৰ আচিল আৰু দ্বিতীয় ঢৌত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তি সকল অধিক ক্ষতিগ্ৰস্ত হৈছিল।

সেয়ে এই সময়চোৱাত শিশু সকলৰ আক্ৰান্ত আৰু মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰস্তুত কৰা নাই ।কিন্তু গবেষণাৰ বাবে তামিলাডু, মহাৰাষ্ট্ৰ,কেৰেলা,দিল্লীৰ ১০ খন চিকিৎসালয়ত ভৰ্তি হোৱা ১০ বছৰৰ তলৰ ২৬০০ শিশুৰ ভিতৰত কোফিডৰ ফলত ২.৪ % শিশুৰ কোভিডৰ বাবে মৃত্যু হৈছিল আৰু ৪০ % শিশু গুৰুতৰ ৰোগত ভুগিছিল। ৯% দেহত গুৰুত্বৰ লক্ষণে দেখা দিছিল। এইমছৰ শিশু ৰোগ বিশেষজ্ঞ ড০ শেফালী গুলাটি,ড০ সুশীল কে. কাবৰা আৰু ড. ৰাকেশ লোধাই উল্লেখ কৰা সতে "মহামাৰীৰ তৃতীয় সম্ভাৱ্য ঢৌঁত সংক্ৰমিত ৫ শতাংশতকৈ কম শিশুক চিকিৎসালয়ত ভৰ্তি কৰিব লাগিব, আনহাতে মৃত্যুৰ হাৰ ২ শতাংশলৈকে হ'ব পাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in