কোৰোনা আক্ৰান্ত হৈ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু…

কোৰোনা আক্ৰান্ত হৈ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু…

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বদতিঘাটত কৰ্মৰত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰী অতুল শৰ্মা (৫৪) ৰ কভিড ১৯ ত আক্ৰান্ত হৈ শুক্ৰবাৰে বিয়লি মৃত্যু ঘটে৷বিহপুৰীয়াৰ সমীপৰ ৰাজবাৰী নিবাসী শৰ্মাক কভিডত আক্ৰান্ত হোৱা বাবে যোৱা ১৯ অক্টোবৰত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পিতালত ভৰ্ত্তি কৰা হৈছিল ৷

এগৰাকী সুদক্ষ অভিনেতা হিচাবে পৰিচিত শৰ্মাৰ মৃত্যুত বিহপুৰীয়াত গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত শৰ্মাই পত্নী মৰমী গোস্বামী সহ দুগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় ৷ উল্লেখ্য যে শৰ্মাৰ দশম শ্ৰেণীত অধ্যয়নৰত ডাঙৰ জীয়ৰী বৰ্তমানেও কভিড ১৯ ত আক্ৰান্ত হৈ হ'ম আইচ'লেচনত আছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in