ডিচেম্বৰৰ পূৰ্বে কোৰোনাৰ প্রতিষেধকৰ উদ্ভাৱনৰ আশা কৰিব নোৱাৰি- হিমন্ত বিশ্ব শৰ্মা

ডিচেম্বৰৰ পূৰ্বে কোৰোনাৰ প্রতিষেধকৰ উদ্ভাৱনৰ আশা কৰিব নোৱাৰি- হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক : জি এম চি এইচত ত প্লাজমা দান অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ছমাহৰ পৰিক্রমাত আমি নিৰ্ণায়ক ভূমিকাত থিয় হৈছো ।৩০,০০০ একটিভ ৰোগী আমাৰ লগত আছে । জি এম চি এইচত প্রায় ৮০০ লোক ক'ভিডৰ বাবে চিকিৎসাধীন ।কোভিড চিকিৎসাত প্রত্যক্ষভাৱে জড়িত নথকাও আক্রান্ত হৈছে ।এই ছমাহত দেখা গৈছে, এনে ত্যাগ ৫০ বছৰে কোনেও কৰা নাছিল ।

চিকিৎসক, স্বাস্থ্যকৰ্মীক উচ্চ প্রশংসা জনাই স্বাস্থ্যমন্ত্রী গৰাকীয়ে কয়- আমি সকলো শ্রেষ্ঠ কৰিবলৈ চেষ্টা কৰি আছো ।বহু উত্থান পতন চলি আছে স্বাস্থ্য বিভাগত ।ডিচেম্বৰৰ আগলৈ কোনো প্রতিষেধকৰ উদ্ভাৱনৰ আশা কৰিব নোৱাৰি ।প্রতিষেধকৰ লগতে থেৰাপেটিক ভেকচিনছৰ ব্যৱস্থা কৰিব পাৰিম ।
অক্টোবৰ আৰু নৱেম্বৰত ৭৫,০০০তকৈ বেছি ৰোগী হ'ব ।

৩০ নৱেম্বৰলৈ স্বাস্থ্য বিভাগৰ কিছু প্রত্যাহ্বান থাকিব লগতে ডিচেম্বৰৰ ভিতৰত থেৰাপেটিক ভেকচিনৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা বুলি ব্যক্ত কৰে স্বাস্থ্য মন্ত্ৰীজনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in