উচ্চতম ন্যায়ালৰ অনুমোদনক লৈ বিতৰ্কঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ পত্ৰ লিখি বিৰোধিতা ন্যয়াধীশৰ

উচ্চতম ন্যায়ালৰ অনুমোদনক লৈ বিতৰ্কঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ পত্ৰ লিখি বিৰোধিতা ন্যয়াধীশৰ

ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্নাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয় কলেজিয়ামৰ অনুমোদনক লৈ বিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষান কৌলে এই অনুমোদন সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ এক পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰত জ্যেষ্ঠতাৰ দিশৰ পৰা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰদীপ নন্দৰাজোগক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান নকৰি সঞ্জীৱ খান্নাক নিযুক্তি দিয়াৰ সিদ্ধান্তই ন্যয়ালয়ৰ ভাৱমূৰ্তিত ঋণাত্মক প্ৰভাৱ পেলাব বুলিও দাবী কৰিছে ন্যায়াধীশ সঞ্জয় কিষান কৌলে৷

ইয়াৰ পূৰ্বেও দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কৈলাশ গম্ভীৰে ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰি কলেজিয়ামৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল৷ ন্যায়াধীশ কৈলাশ গম্ভীৰে ৩২গৰাকী জ্যেষ্ঠ ন্যায়াধীশক গুৰুত্ব প্ৰদান নকৰি তাৰ পৰিৱৰ্তে ন্যায়াধীশ দিনেশ মাহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাক উচ্চতম ন্যায়ালয়ত নিযুক্তি প্ৰদান কৰাৰ বিৰোধিতা কৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷

উল্লেখ্য যে, ১০ জানুৱাৰীত উচ্চতম ন্যায়ালয় কলেজিয়ামে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দিনেশ মাহেশ্বৰী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্নাক উচ্চতম ন্যায়ালয়ত নিযুক্তি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুমোদন জনায়৷ কিন্তু ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত কলেজিয়ামে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেনন আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰদীপ নন্দৰাজোগক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মনোনীত কৰা হয় যদিও পিছত কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত অনুমোদন প্ৰেৰণ কৰা নহ'ল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in