কেৰাহী, প্ৰেচাৰ কুকাৰ, উষা ব্ৰেণ্ডৰ ফেন দিব লাগিব শিক্ষাৰ্থীয়েঃ বি এড পাঠ্যক্ৰম নহয় যেন হোটেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাহে…

কেৰাহী, প্ৰেচাৰ কুকাৰ, উষা ব্ৰেণ্ডৰ ফেন দিব লাগিব শিক্ষাৰ্থীয়েঃ বি এড পাঠ্যক্ৰম নহয় যেন হোটেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাহে…

ডিজিটেল ডেস্কঃ ৰাজ্যিৰ শিক্ষা খণ্ডত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড। শিক্ষাৰ্থীৰ পৰা শিক্ষানুষ্ঠানে বিচাৰিছে হেটা, কেৰাহী, প্ৰেছাৰ কুকাৰৰ পৰা ৱাল ফেন, মেগাজীন ব'ৰ্ডলৈ বিভিন্ন সামগ্ৰী। কেৱল সেয়াই নহয় শিক্ষানুষ্ঠানক লাগে ব্ৰেণ্ডেড সামগ্ৰীহে।

যিসময়ত বি এড পাঠ্যক্ৰম এক ব্যয়বহুল শিক্ষালৈ ৰূপান্তৰ হৈছে, সন্তানক এই শিক্ষা গ্ৰহণৰ বাবে অভিভাৱকে ভেটি-মাটি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে সেই সময়তে চৰকাৰী বি এড কলেজে শিক্ষাৰ্থীৰ পৰা এইদৰে বিভিন্ন সামগ্ৰী দাবী কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে। কাৰ্বি আংলঙৰ ডিফু চৰকাৰী বি এড কলেজত সংঘটিত হৈছে এই ঘটনা।

বি এড কলেজ কৰ্তৃপক্ষই ২ আগষ্টত জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে আগন্তুক ১০ আগষ্টৰ ভিতৰত এই সকলো সামগ্ৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক দিব লাগিব। বি এড কলেজ কৰ্তৃপক্ষই দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা।

যিবোৰ সামগ্ৰী কৰ্তৃপক্ষক দিবলৈ কোৱা হৈছে সেই সামগ্ৰীবোৰৰ বিপৰীতে উল্লেখ কৰা হৈছে কোম্পানীৰ নাম। সেই অনুসৰি চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ ১ ৰ পৰা ৯ নং ৰোল নম্বৰৰ শিক্ষাৰ্থীক ডেক্সি, ১০ ৰ পৰা ২২ আৰু ২৩ ৰ পৰা ৩৫ ৰোল নম্বৰৰ শিক্ষাৰ্থীক হকিঞ্চৰ ৫ লিটাৰৰ প্ৰেছাৰ কুকাৰ, ৩৬ ৰ পৰা ৪৬ ৰোল নম্বৰলৈ ১০ লিটাৰৰ কেৰাহী, ৪৭ ৰ পৰা ৪৯ ৰোল নম্বৰৰ শিক্ষাৰ্থীক ৩ লিটাৰৰ কেটলী, ৫০ ৰ পৰা ৫২ ৰোল নম্বৰৰ শিক্ষাৰ্থীক চামুচ, হেটা আৰু ষ্টিলৰ জগ ২টাকৈ, ৫৩ ৰ পৰা ৮৮ ৰোল নম্বৰলৈ ৫x৪ ফুটৰ লেভেল ক্ল'থৰ সৈতে নটিছ ব'ৰ্ড আৰু ৮৯ ৰ পৰা ১০০ ৰোল নম্বৰলৈ শিক্ষাৰ্থীসকলক লা অপালা/ লাৰা ব্ৰেণ্ডৰ কাপ প্লেট আৰু ২ খনকৈ ডাঙৰ ছাইজৰ ট্ৰে জমা দিবলৈ কোৱা হৈছে।

আনহাতে দ্বিতীয় ষাণ্মাষিকৰ ১ নং ৰোল নম্বৰৰ পৰা ৩৭ নং ৰোল নম্বৰলৈ ভেলভেট কাপোৰৰ সৈতে ৫x৪ ফুট দৈৰ্ঘ্যৰ মেগাজীন ব'ৰ্ড, ৩৮ ৰ পৰা ৫৭ ৰোল নম্বৰলৈ ৪ ফুট দৈৰ্ঘ্যৰ লেকচাৰ ষ্টেণ্ড, ৫৮ ৰ পৰা ৬৯ ৰোল নম্বৰলৈ এইছ পি স্মাৰ্ট টেংক ৫৩০ ৰ দুটাকৈ প্ৰিণ্টাৰ ইংক ছেট, ৰোল নম্বৰ ৭০ ৰ পৰা ৮৪ লৈ লিগেল ছাইজৰ ফাইল কভাৰ ২০ টাকৈ আৰু ৮৫ ৰ পৰা ১০০ ৰোল নম্বৰলৈ উষা আৰু হেভেলছ ব্ৰেণ্ডৰ ৱাল ফেন দিবলৈ কোৱা হৈছে।

উল্লেখ্য যে, মহাবিদ্যালয় কৰ্তৃপক্ষই কিয় এই সামগ্ৰী সমূহ শিক্ষাৰ্থীৰ পৰা দাবী কৰিছে সেই কথা জাননীখনত উল্লেখ নাই। আনহাতে মহাবিদ্যালয় কৰ্তৃপক্ষই যি সমূহ সমগ্ৰী দাবী কৰিছে সেই সামগ্ৰীসমূহৰ অধিকাংশৰে নাই শিক্ষাৰ সৈতে কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ সম্পৰ্ক।

বি এড পাঠ্যক্ৰমত আৰ্ট এণ্ড ড্ৰামা ইন ইড্যুকেশ্যন বুলি এক পাঠ্যক্ৰম আছে যদিও এই পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক কিদৰে শিক্ষানুষ্ঠানত শিক্ষাদানৰ সময়ত শিক্ষাৰ্থীসকলক সংগীত, নৃত্য অথবা আন পদ্ধতিৰে শিক্ষাদান কৰিব সেই বিষয়েহে উল্লেখ আছে। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমৰ জৰিয়তে বি এডৰ শিক্ষাৰ্থীসকলক কিদৰে পেলনীয়া সামগ্ৰীৰ পৰা ব্যৱহাৰযোগ্য আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, বিভিন্ন ধৰণৰ তালিকা প্ৰস্তুত কৰিব পাৰি বা আন উদ্ভাৱন বা সৃষ্টিশীল কামৰ বাবে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক শিক্ষা দান কৰিব লাগে সেই বিষয়ে পঢ়োৱাৰ লগতে এনে সামগ্ৰী কিছুমান তৈয়াৰ কৰিবলৈ দিয়া হয়।

কিন্তু ডিফু চৰকাৰী বি এড কলেজ কৰ্তৃপক্ষই এইদৰে হেটা, কেৰাহী, প্ৰেছাৰ কুকাৰ, কাপ-প্লেট, ৱাল ফেন আদি কিয় আৰু কি পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীক জমা দিবলৈ কৈছে সেই কথা প্ৰকাশ কৰা নাই। সেয়া যিয়েই নহওক বৰ্তামন চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক শিক্ষাৰ দৰেই ব্যয়বহুল হৈ পৰা বি এড পাঠ্যক্ৰমৰ নামভৰ্তিৰ নামত লাখ টকাৰো অধিক আদায় কৰাৰ পিছতো কিয় এইদৰে ব্ৰেণ্ডেড সামগ্ৰী বিচাৰি শিক্ষাৰ্থীক হাৰাশাস্তি কৰিছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

বহুতেই ক'ব বিচাৰিছে শিক্ষাৰ্থীলৈ জাৰি কৰা এই জাননীৰ জৰিয়তে শিক্ষানুষ্ঠানখনে ব্যৱহাৰৰ বাবে এই সামগ্ৰী বিচাৰিছে। যদি সেয়াই হয় তেন্তে শিক্ষা বিভাগে এই এই মহাবিদ্যালয়খনৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা নাই নেকি? কিয় চৰকাৰী শিক্ষানুষ্ঠানে শিক্ষাৰ্থীৰ পৰা অধ্যয়ন কৰি থকা শিক্ষাৰ্থীৰ পৰা ব্ৰেণ্ডেড সামগ্ৰী বিচাৰি জাননী জাৰি কৰিবলগীয়া হৈছে? এই প্ৰশ্ন সমূহো কিন্তু উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in