ৰাজ্যৰ ঠিকাভিত্তিক অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ ১ বছৰলৈ বৃদ্ধি…

ৰাজ্যৰ ঠিকাভিত্তিক অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ ১ বছৰলৈ বৃদ্ধি…
  • ৰাজ্যৰ মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিক নিয়োজিত হৈ থকা অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ পুনৰ এক বছৰলৈ বৃদ্ধি।
  • ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই এক অধিসূচনাৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা ।
  • এই শিক্ষকসকলৰ চাকৰিৰ ম্যাদ চলিত বৰ্ষৰ যোৱা ১ মাৰ্চৰ পৰা ২০২০ৰ ২৯ ফেব্ৰুৱাৰিলৈ পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে।
  • ২০১০ চনত নিযুক্তি পোৱা হাইস্কুলৰ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ অন্ত পৰিছিল চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিতে।
  • সেয়ে বিত্ত বিভাগৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰে পুনৰ এবছৰৰ বাবে ম্যাদ বৃদ্ধি কৰে।
  • প্ৰাপ্ত খবৰ অনুসৰি তেওঁলোকৰ অন্যান্য চৰ্তাৱলী আগৰ দৰেই বাহাল থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in