শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

ঢকুৱাখনাৰ চেইণ্ট থমাছ স্কুলত সংবিধান দিৱস পালন…

ডিজিটেল সংবাদ ঢকুৱাখনা: বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষৰ ৭২ সংখ্যক সংবিধান দিৱসটি ঢকুৱাখনা মহকুমাৰ নামজ্বলা ইংৰাজী মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান  চেইণ্ট থমাছ স্কুলত শুক্ৰবাৰে  পালন কৰা হয়।   ১৯৪৯ চনৰ ২৬ নৱেম্বৰত প্ৰণয়ন কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী কৰা বিশ্বৰ সৰ্ব বৃহৎ লিখিত সংবিধানখনৰ ৭২ সংখ্যক দিৱসটো বিদ্যালয়খনত  দৈনন্দিন পৰিক্ৰমাৰে মৰ্নিং এচেম্বলী সম্পন্ন হোৱাৰ পাছত সংবিধান দিৱসৰ তাৎপৰ্য সম্পৰ্কে বিস্তৃত ভাবে অবলোকন কৰে নৱম শ্ৰেণীৰ ছাত্ৰী ভাস্বতী ছত্ৰধৰাই ।

স্কুলৰ অধ্যক্ষ চেবি এম বেবীয়ে আঁত ধৰা অনুষ্ঠানটোত  শিক্ষাৰ্থী সকলক  সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰুকশ্ৰী সন্দিকৈয়ে। বিদ্যালয়খনৰ ৭ শতাধিক শিক্ষাৰ্থী, সমূহ শিক্ষক কৰ্মচাৰী উপস্থিত থকা দিৱসৰ কাৰ্যসূচীত প্ৰস্তাৱনা সংগীতেৰে দিৱসৰ সামৰণি মৰা হয়। উল্লেখযোগ্য যে ৭২ সংখ্যক সংবিধান দিৱস উপলক্ষত বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে  শিক্ষাৰ্থী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অধ্যক্ষ চেবি এম বেবীয়ে  ৰাষ্ট্ৰবাসীলৈ  পবিত্ৰ সংবিধান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি