চলিত বৰ্ষত মেঘালয়ত অবৈধ খননৰে জড়িত ৯৫ জনক গ্ৰেপ্তাৰঃ মুখ্যমন্ত্ৰী কনৰাড চাংমা…

চলিত বৰ্ষত মেঘালয়ত অবৈধ খননৰে জড়িত ৯৫ জনক গ্ৰেপ্তাৰঃ মুখ্যমন্ত্ৰী কনৰাড চাংমা…

ডিজিটেল ডেস্কঃ মেঘালয়ত চলিত বৰ্ষত এতিয়ালৈকে ৯৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অবৈধ কয়লা খননৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই ধৃত লোক কেইজনক। তদুপৰি, মুঠ ১৪৬জন লোকৰ বিৰুদ্ধে এই অবৈধ কাৰ্যৰে জড়িত থকাৰ বাবে শ্বাৰ্জশ্বিট দাখিল কৰা হৈছে। সোমবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰ কনৰাড চাংমাই সদৰী কৰে এই কথা।

লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'মেঘালয় চৰকাৰে ৰাজ্যত কোনো ধৰণৰ অবৈধ খনন কাৰ্য যাতে নহয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। চৰকাৰে এমএমডিআৰ আইন ১৯৫৭ৰ ব্যৱস্থা বলবৎ কৰিছে আৰু সেই আইনৰ ধাৰা ২১ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in