কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা

কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা

ডিজিটেল ডেস্কঃ ভয়াৱহ বানত বিধস্ত হৈ পৰিছে সমগ্ৰ কেৰালা। কেন্দ্ৰই ৫০০ কোটিৰ বিশেষ সাহায্য ঘোষণা কৰাৰ লগতে বিভিন্ন দল-সংগঠন, প্ৰতিষ্ঠানে বান বিধ্বস্ত ৰাজ্যখনলৈ আগবঢ়াইছে সহায়ৰ হাত।

ইয়াৰ মাজতে ৰাজ্যখনৰ বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে কংগ্ৰেছ। দলটোৰ সভাপতি ৰাহুল গান্ধীয়ে শনিবাৰে ঘোষণা কৰিছে যে কংগ্ৰেছৰ সমূহ সাংসদ, বিধায়ক আৰু বিধান পৰিষদৰ সদস্যই এমাহৰ দৰমহা কেৰালাৰ বানত ক্ষতিগ্ৰস্তসকলৰ বাবে আগবঢ়াব।

দলৰ মহাসচিব, ৰাজ্যসমূহৰ প্ৰভাৰী, প্ৰদেশ সমূহৰ অধ্যক্ষ আৰু বিধায়িনী দলৰ সৈতে হোৱা এক আলোচনাৰ অন্তত ৰাহুলে কয় কংগ্ৰেছৰসমূহ কাৰ্যকতাই কেৰেলাৰ লগতে অন্য বানপীড়িত ৰাজ্যসমূহতো পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব।

বিৰোধী দলটোৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক কেৰেলাৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈকো দাবী জনাইছে। উল্লেখ্য যে কংগ্ৰেছশাসিত দুই ৰাজ্য পঞ্জাৱ আৰু কণাৰ্টকে কেৰেলালৈ ১০ কোটি টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in