শেহতীয়া খবৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান

কোন হ’ব কংগ্ৰেছৰ নতুন অধ্যক্ষ ? শনিবাৰে হ’ব পাৰে চূড়ান্ত…

193

ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্তত শনিবাৰে বাচনি হ’ব পাৰে কংগ্ৰেছৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষৰ নাম। লোকসভা নিৰ্বাচন, ২০১৯ত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ ৰাহুল গান্ধীয়ে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁ পুনৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্তত অটল হৈ আছে। ইফালে তেনে পৰিস্থিতিত কংগ্ৰেছৰ দায়িত্ব গান্ধী পৰিয়ালৰ ছোনীয়া গান্ধী কিম্বা ন কংগ্ৰেছী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ হাতত অৰ্পিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন জনে।

শনিবাৰে কংগ্ৰেছৰ অধ্যক্ষ বাচনিৰ বাবে প্ৰথমে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকৰ অন্তত কংগ্ৰেছ নেতৃত্বসকল ৫টা গ্ৰুপত ভাগ হৈ প্ৰদেশ নেতৃত্বৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব বুলি দলৰ এক সূত্ৰই প্ৰকাশ কৰিছে। অন্যহাতে একাংশ নেতাই কংগ্ৰেছক গান্ধী পৰিয়ালৰ পৰা পৃথক কৰাৰ বাবে বিজেপিয়ে গেমপ্লেন প্ৰস্তুত কৰিছে বুলি সন্দেহ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে কংগ্ৰেছক কোনোপধ্যেই গান্ধী পৰিয়ালৰ পৰা পৃথক নকৰিবলৈ নেতৃত্বক আহ্বান জনাইছে।

খবৰ অনুসৰি, শনিবাৰে চি ডব্লিউ চিৰ বৈঠকৰ পূৰ্বে আহমেদ পেটেল, কে চি বেণুগোপাল, এ কে এন্টনীয়ে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষৰূপে কেইবাটাও নামৰ ওপৰত চৰ্চা কৰে। তেওঁলোকে চৰ্চা কৰা নাম সমূহৰ ভিতৰত দলৰ জ্যেষ্ঠ নেতা মুকুল বাসনিক, মল্লিকাৰ্জুন খাড়গে, অশোক গেহলট, সুশীল কুমাৰ সিন্দেকে ধৰি কেইবাজনো শীৰ্ষ নেতা আছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এইবাৰ দলৰ দায়িত্ব কোনো যুৱ নেতাৰ হাতত অৰ্পন কৰাৰ পোষকতা কৰিছে যদিও আন একাংশই কোনো অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাকহে এই দায়িত্ব অৰ্পনৰ দাবী জনাইছে। ৰাহুল গান্ধীয়ে অধ্যক্ষ পদ ত্যাগ কৰাৰ পিছতে অমৰিন্দৰ সিঙে প্ৰিয়ংকা গান্ধীক এই দায়িত্ব প্ৰদানৰ আহ্বান জনাইছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি