শেহতীয়া খবৰ
গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....  •  জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা...  •  শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা...  •  গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন ...  •  ধেমাজিত ১৬৩ জনৰ কোভিড পজিটিভ...

২০২২ৰ ছেপ্টেম্বৰত কংগ্ৰেছ দলৰ সভাপতিৰ নিৰ্বাচন ! ৱৰ্কিং কমিটীৰ বৈঠকত আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত..

ডিজিটেল ডেস্কঃ কংগ্ৰেছ দলৰ ৱৰ্কিং কমিটীৰ বৈঠক। মুখ্যত আগন্তুক ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত দলটোৰ ৰণনীতি আৰু দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব এই বৈঠকত। কংগ্ৰেছ দলটোৰ আভ্যন্তৰিণ বিষয়ৰ বহু কেইটা দিশৰ ওপৰতো আলোচনা হ’ব এই বৈঠকত। দলটোৰ একাংশ জ্যেষ্ঠ নেতাই এই বৈঠক আহ্বানৰ দাবী তুলিছিল।

জানিব পৰা মতে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰিছে বহু কেইগৰাকী নেতাই এই বিষয়বোৰো ৱৰ্কিং কমিটীৰ বৈঠকত স্থান লাভ কৰিব।আনহাতে এই বৈঠকতে কংগ্ৰেছ দলৰ এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নিৰ্বাচিত কৰাৰ বিষয়টোৱেও স্থান লাভ কৰিব। মন কৰিবলগীয়া যে দীৰ্ঘ সময় ধৰি কংগ্ৰেছ দলটোৰ নাই এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি।

এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নথকাৰ বাবে বিভিন্ন সময়ত দলটো বিপদৰ সন্মুখীন হৈছে। যাৰ বাবে কিছু দিন পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিব্বালে এই বিষয়ে ৰাজহুৱাকৈ অসন্তুষ্টি ব্যক্ত কৰিছিল।এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি অবিহনে দলটোৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেয়েহে তেওঁ স্পষ্টকৈ কৈছিল যে কংগ্ৰেছ ‘জি-২৩’ নেতাৰ গোট ‘জি হুজুৰ ২৩’ নহয়।

এনে বহু বিষয়ৰ ওপৰত আলোচনাৰ বাবে আহ্বান কৰা হৈছে কংগ্ৰেছৰ শনিবাৰৰ ৱৰ্কিং কমিটীৰ বৈঠক। কেইদিনমানৰ পূৰ্বে ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ শীঘ্ৰেই ৱৰ্কিং কমিটীৰ এখন বৈঠক আহ্বান কৰিবলৈ পত্ৰ লিখিছিল।

ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত অনুষ্ঠিত যোৱা ৱৰ্কিং কমিটীৰ বৈঠকত দলটোৱে সিদ্ধান্ত লৈছিল যে ২০২১ চনৰ জুনমাহৰ ভিতৰত কংগ্ৰেছৰ এজন নিৰ্বাচিত সভাপতি থাকিব।কিন্তু কোভিড-১৯ ৰ পৰিস্থিতিৰ বাবে ১০ মে’ত অনুষ্ঠিত হোৱা ৱৰ্কিং কমিটীৰ ভাৰ্ছুৱেল বৈঠকত এই সভাপতি নিৰ্বাচনৰ বিষয়টো পিছুৱাই দিয়া হৈছিল।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ২০২২ বৰ্ষৰ ছেপ্টেম্বৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। এই নিৰ্বাচনতে কংগ্ৰেছৰ এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নিৰ্বাচিত কৰা হ’ব। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ পিছত ৰাহুল গান্ধীয়ে পদত্যাগ পত্ৰ প্ৰদান কৰিছিল।ইয়াৰ পিছত ছোনিয়া গান্ধীয়ে ২০১৯ চনৰ আগষ্টত কংগ্ৰেছ দলটোৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি