দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক
  • দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • ১০ জনপথস্থিত কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক।
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত আলোচনা।
  • বৈঠকত উপস্থিত জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপাল, অধীৰ ৰঞ্জন চৌধুৰী।
  • অম্বিকা চোনী, আহমদ পেটেল, একে এণ্টনী আৰু অন্য শীৰ্ষ নেতাও উপস্থিত বৈঠকত।
  • বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কেচি বেণুগোপালৰ।
  • 'আমি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক স্থিতি আৰু মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিছো।'
  • 'এনচিপিৰ সৈতেও আমাৰ আলোচনা অব্যাহত আছে।'
  • 'শুকুৰবাৰৰ ভিতৰত আমি এটা নিশ্চিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম।'
  • 'তাৰ পিছতহে মহাৰাষ্ট্ৰত শিৱসেনা-এনচিপিক সমৰ্থন কৰা বা নকৰাটো ৰাজহুৱা কৰা হ'ব।'
  • সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in