কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত

কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ জবলপুৰত এগৰাকী প্ৰাক্তন সৈনিকক এটা ৬-৭ জনীয়া কংগ্ৰেছ কৰ্মীৰ দলে মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, প্ৰহৃত হোৱা প্ৰাক্তনন সৈনিকগৰাকী নগৰপালিকাত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। জবলপুৰৰ আৰক্ষী অধীক্ষক এ সিঙে জানিবলৈ দিয়া মতে, প্ৰাক্তন সৈনিক গৰাকী কৰ্মৰত অৱস্থাত কংগ্ৰেছ কৰ্মীয়ে তেওঁৰ ওপৰত আক্ৰমণ চলায় গুৰুতৰভাৱে আহত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্তসকলক বিচাৰি তদন্ত আৰম্ভ কৰিছে।

ইফালে এই ঘটনাৰ পিছতে জবলপুৰৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাকেশ সিঙে আক্ৰমণৰ বলি হোৱা প্ৰাক্তন সৈনিক গৰাকীক সাক্ষাৎ কৰাৰ পিছতে ৰাজ্যখনৰ আইন-সুৰক্ষাক লৈ খেদ প্ৰকাশ কৰে। কংগ্ৰেছৰ কৰ্মীয়ে এনেদৰে এজন বৃদ্ধ প্ৰাক্তন সৈনিকক প্ৰহাৰৰ সাহস ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ এই ঘটনাই ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে।

আনহাতে এগৰাকী প্ৰাক্তন সৈনিকক কৰ্মৰত অৱস্থাত দুৰ্বৃত্তৰ দলে প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে নগৰ নিগমৰ কৰ্মচাৰীসকল। দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী জনাই এনে ঘটনা যাতে দ্বিতীয় বাৰৰ বাবে সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা সক্ৰিয় কৰিবলৈ দাবী জনাইছে কৰ্মচাৰী সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in