নতুন বছৰত সলনি হ’ব কংগ্ৰেছৰ ঠিকনা, দিল্লীৰ ৯এ কোটলা ৰোডত দলৰ মুখ্য কাৰ্যালয় নিৰ্মাণ…

নতুন বছৰত সলনি হ’ব কংগ্ৰেছৰ ঠিকনা, দিল্লীৰ ৯এ কোটলা ৰোডত দলৰ মুখ্য কাৰ্যালয় নিৰ্মাণ…

ডিজিটেল ডেস্কঃ নতুন বছৰত সলনি হ'ব কংগ্ৰেছৰ ঠিকনা। দিল্লীৰ ২৪ আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় বদলি কৰি এতিয়া ৯এ কোটলা ৰোডত নিৰ্মাণ কৰা হৈছে নতুন ভৱন। ২৮ ডিচেম্বৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনা ঠিকনা সলনি কৰি নতুন ভৱনত প্ৰৱেশ কৰিব কংগ্ৰেছে।

অৱশ্যে কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয় ভৱনটো পণ্ডিত দীন দয়াল উপাধ্যায় পথত নিৰ্মাণ কৰা হৈছে যদিও দলে ভৱনৰ মুখ্য প্ৰৱেশ দ্বাৰ কোটলা ৰোডৰ ফালে ৰাখি মুখ্য কাৰ্যালয়ৰ ঠিকনা ৯এ কোটলা ৰোড কৰিছে। ইয়াৰ কাৰণ হিচাপে বিভিন্নজনে মত ব্যক্ত কৰা অনুসৰি, জনসংঘৰ নেতা দীন দয়াল উপাধ্যায়ৰ সৈতে কংগ্ৰেছে নিজক সংযুক্ত কৰিব বিচৰা নাই। সেই বাবেই নিজৰ নতুন ঠিকনা পণ্ডিত দীন দয়াল উপাধ্যায় পথ নাৰাখি কোটলা ৰোড সজাইছে।

উল্লেখ্য যে, নগৰ উন্নয়ন মন্ত্ৰণালয়ে কংগ্ৰেছৰ ২৪ আকবৰ ৰোডত থকা মুখ্য কাৰ্যালয় খালী কৰাৰ বাবে ২০১৮ চনৰ অক্টোবৰ মাহতে নিৰ্দেশ জাৰি কৰিছিল। কিন্তু নতুন ভৱন নিৰ্মাণ পৰ্যন্ত কংগ্ৰেছে দলৰ মুখ্য কাৰ্যালয় খালী কৰাৰ বাবে কিছু সময় বিচাৰিছিল। আনহাতে কংগ্ৰেছক নতুন ভৱন নিৰ্মাণৰ বাবে বিজেপি চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায় পথত ভূমি প্ৰদান কৰাত তাত ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰে কংগ্ৰেছে।

আনফালে কংগ্ৰেছেৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱনৰ মূল প্ৰৱেশ দ্বাৰ কোটলা ৰোড কৰাৰ কাৰণ দৰ্শাই কংগ্ৰেছে কয় যে দীন দয়াল উপাধ্যায় পথৰ দৰে অতি ব্যস্ত এটা পথত কাৰ্যালয়ৰ সন্মুখত যান-বাহনৰ ভিৰৰ বাবে যান জঁটৰ সৃষ্টি হ'ব পাৰে। সেই বাবে তেনে যান জঁটৰ পৰা পৰিত্ৰাণ পাবলৈ ভৱনৰ মুখ্য দ্বাৰ কোটলা ৰোডৰ দিশে কৰা হৈছে।

উল্লেখ্য যে, বিগত ৪৩ বছৰে কংগ্ৰেছৰ ঠিকনা আছিল ২৪ আকবৰ ৰোড। দলৰ নতুন মুখ্য কাৰ্যালয়ৰ ভৱনৰ নাম ইন্দিৰা গান্ধী ভৱন ৰখা হ'ব। ইতিমধ্যে নতুন ভৱনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৬ মহলীয়া কংগ্ৰেছৰ নতুন ভৱনত এটা অডিটৰিয়ামো নিৰ্মাণ কৰা হৈছে। সেই অডিটৰিয়ামতে দলৰ সভা-অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে কংগ্ৰেছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in