আৰু কিমানজন সৎ, নিৰপেক্ষ ন্যায়ধীশক বদলি কৰিবঃ কেন্দ্ৰক প্ৰশ্ন কৰিলে কংগ্ৰেছে…

আৰু কিমানজন সৎ, নিৰপেক্ষ ন্যায়ধীশক বদলি কৰিবঃ কেন্দ্ৰক প্ৰশ্ন কৰিলে কংগ্ৰেছে…

ডিজিটেল ডেস্কঃ দিল্লীৰ পৰিস্থিতিক লৈ কেন্দ্ৰ, ৰাজ্য আৰু দিল্লী আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ মুৰলীধৰৰ বদলিকৰণৰ প্ৰসংগক লৈ বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপি দলক। কেৱল বিৰোধীয়ে নহয়, বলিউদৰ একাংশ শিল্পীয়েও এই সমগ্ৰ প্ৰক্ৰিয়াক তীব্ৰ গৰিহণা দিছে।

বৃহস্পতিবাৰে পুৱাই কেন্দ্ৰক তীব্ৰ কটাক্ষ কৰিলে কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সুৰজৱালাই। নেতাগৰাকীয়ে কয়, সমগ্ৰ দেশ এতিয়া দিল্লীৰ পৰিস্থিতিক লৈ চিন্তুিত। কিন্তু ইয়াৰ মাজতে মোডী-শ্বাহ চৰকাৰৰ দুৰ্ভাৱনাপূৰ্ণ, কুৎচিত স্বৰুপ পোহৰলৈ আহিছে। কংগ্ৰেছ নেতা গৰাকীয়ে লগতে বিজেপিক প্ৰশ্ন কৰে, আপোনালোকৰ কিছু নেতাৰ স্বৰুপ ওলাই পৰাৰ ভয়তে এনে পন্থাৰ সহায় ল'লে নেকি! নিৰপেক্ষ আৰু গ্ৰহণযোগ্য ন্যায় প্ৰদান কৰা কিমানজন ন্যায়াধীশক বিজেপিয়ে বদলি কৰিব বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইফালে কংগ্ৰেছক প্ৰত্যুত্তৰ দিছে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী আৰ এছ প্ৰসাদে। মন্ত্ৰীগৰাকীয়ে কয়, ন্যায় ব্যৱস্থাৰ ওপৰত কংগ্ৰেছৰহে আস্থা হেৰাইছে। দৰালচতে, ১২ ফেব্ৰুৱাৰীতে উচ্চতম ন্যায়ালয়ে এই বদলিকৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশ অনুসৰিহে তেওঁৰ বদলি কৰা হৈছে। ইয়াত অন্য কোনো দিশ জড়িত হৈ থকা নাই।

উল্লেখ্য যে, দিল্লীৰ পৰিস্থিতিক হৈ মঙলবাৰে মাজনিশাই নিজা বাসগৃহতে বিচাৰপীঠ বহুৱাই দিল্লী আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষী ব্যৰ্থ হোৱা বুলিও কৈছিল ন্যায়াধীশ গৰাকীয়ে। লগতে উচতনিমূলক বক্তব্য প্ৰদান কৰা ৩ বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in