শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেলঃ বিজেপিৰ দুজনী পত্নী এজনী পাকঘৰত , আনজনী ড্ৰয়িং ৰুমত…

ডিজিটেল সংবাদ কোকৰাঝাৰ : কোকৰাঝাৰ চহৰৰ ৰনেন্দ্ৰ ভৱনত শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমি কেলেংকাৰীকলৈ সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ কুশল শৰ্মা আৰু মনজিৎ মহন্তই ৷ শুকুৰবাৰে দুপৰীয়া কোকৰাঝাৰ ৰনেন্দ্ৰ ভৱনত আয়োজিত এক সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰদ্বয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে ৷ তদুপৰি আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে কমেও এখন আসন পাব বুলি মন্তব্য কৰিছে । বিপিএফ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত “দুজনী ঘৈণী” বুলি মন্তব্য কৰি এজনী পাকঘৰত আৰু এজনী ড্ৰয়িং ৰুম বুলি কটাক্ষ কৰে । অনাগত সময়ছোৱাত নগাঁৱৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত ৰাজ্যজুৰি ব্যাপক আন্দোলন কৰা হ’ব বুলি সংবাদমেলত সদৰি কৰিছে মনজিৎ মহন্তই।