বিজেপিৰ শীৰ্ষ নেতৃত্বই লৈছিল ১৮০০ কোটি টকা উৎকোচঃ কংগ্ৰেছ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সন্মুখত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে বিজেপিৰ নেতৃত্বৰ ওপৰত ভ্ৰষ্টাচাৰৰ অভিযোগ উত্থাপন কৰিছে। ২০১৭ৰ ১৪ ফেব্ৰুৱাৰীত কংগ্ৰেছে বি এছ যোদিয়ুৰপ্পাৰ এটা ভিডিঅ' মুকলি কৰিছিল। য'ত ১৮০০ কোটিৰো অধিক ধন বিজেপি নেতৃত্বক দিয়া কথা পোহৰলৈ আহিছে। বিজেপিয়েও এই ঘটনাক লৈ কয়- সমগ্ৰ বিষয়টোক লৈ তদন্ত কৰিব লাগে বুলি। কংগ্ৰেছ প্ৰবক্তা ৰণদীপ সুৰজেৱালাই কয় যে, কংগ্ৰেছে ১২ ফেব্ৰুৱাৰী, ২০১৭ৰ ভিডিঅ'টো তাৰ দুদিন পাছত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত মুকলি কৰিছিল।

সুৰজেৱালাই এক সংবাদমেল সম্বোধন কৰি কয়- এতিয়া সেই ডায়েৰীখন ৰাজহুৱা কৰা হৈছে। কেৰংবা মেগাজিন আৰু এটা নিউজ চেনেলৰ সমীক্ষাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে, এই ডায়েৰীত ৫টা বিশেষ তথ্য পোহৰলৈ আহিছে। প্ৰথম হৈছে- মুঠ ২৬৯০ কোটি টকা লোৱা হৈছিল। য'ৰ পৰা ১৮০০ কোটি টকা একাংশ বিজেপি নেতৃত্বক দিয়া হৈছিল। ২০০৮ৰ মে'ৰ পৰা ২০১১ৰ জুলাইৰ ভিতৰত যোদিয়ুৰপ্পা মুখ্যমন্ত্ৰী আছিল। এই ডায়েৰীখনত বিজেপিৰ শীৰ্ষত নেতৃত্বৰ নাম আছে। এক হাজাৰ কোটি টকা বিজেপিৰ কেন্দ্ৰীয় কমিটীক দিয়া হৈছিল।

তদুপৰি ২.৫ শ কোটি টকা ন্যায়াধীশক দিয়া হৈছিল। ডায়েৰীখনত যোদিয়ুৰপ্পাৰ হস্তাক্ষৰ আছে। এই নিউজৰ সমীক্ষাত দাবী কৰি হৈছে যে এই ডায়েৰীখন আয়কৰ বিভাগে ২০১৭ৰ আগষ্টত লাভ কৰিছিল, আৰু ইয়াত থকা আখৰবোৰ যোদিয়ুৰপ্পাৰ আখৰৰ সৈতে মিলিছে বুলি কোৱা হৈছে।

বিজেপি নেতৃত্বৰ ওপৰত ১৮০০ কোটি টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ দেশৰ শীৰ্ষতম পদত থকা লোকসকলৰ বিৰুদ্ধে উত্থাপন হৈছে। যিসকল লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তেওঁলোকে প্ৰতিৰক্ষা মন্ত্ৰণালয়, বিদেশ মন্ত্ৰণালয় আৰু পিএমঅ আৰু দেশৰ চৰকাৰ চোৱাচিতা কৰি আছে।

জানিব পৰা মতে, ডায়েৰীখনত বহু তথ্য আৰু যোদিয়ুৰপ্পাৰ হস্তাক্ষৰ আছে। এই ডায়েৰীখনত আয়কৰ বিভাগত আছে। কিন্তু এই ডায়েৰীখনৰ সন্দৰ্ভত কিয় তদন্ত কৰা হোৱা নাই। ইফালে, বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ যোদিয়ুৰপ্পাৰ ওপৰত কংগ্ৰেছে উত্থাপন কৰা এই অভিযোগৰ বিৰুদ্ধে শাসকীয় ৰাজনৈতিক দলটোৱেও যোগ্যপ্ৰত্যুত্তৰ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কংগ্ৰেছৰ এই অভিযোগৰ বিৰুদ্ধে কয় যে, মামা, ভনী জোৱাইক ৰক্ষণা-বেক্ষণ দিয়াত ব্যস্ত হৈ থকা কংগ্ৰেছে একো কাম নাথাকিলে অভিযোগেই উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in