শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

এনআৰচিত কোন বিদেশীৰ নামৰ সোমাইছে দেখুৱাই দিয়ক, আমিও স্বদেশীৰ নাম জাপে জাপে তথ্য সহকাৰে দেখুৱাই দিব পাৰিমঃ ৰিপুন বৰা

315

ডিজিটেল সংবাদ, গুৱাহাটীঃ এন আৰ চিক লৈ বিজেপি চৰকাৰে এতিয়া চালে বেৰে কথা কবলৈ লৈছে। যি এন আৰ চি প্ৰকাশৰ পিছতে মৌন হৈ পৰিল অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোডী। এতিয়া এন আৰ চিক লৈ বিজেপিয়ে ক্ৰেডিট লবলৈ এৰিছে। বুধবাৰে সংবাদমেল যোগে এনেদৰে প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

বিদেশী বিদেশী বুলি দোকানখন খুলি মানুহক আবেগিক কৰি বিজেপিয়ে শোষণৰ মেৰুকৰণ কৰি আছে বুলি সংবাদ মেলত মন্তব্য কৰে সভাপতি বৰাই। উচ্চতম ন্যায়ালয়ৰ গাইড লাইন প্ৰস্তুত কৰি ফ্ৰেমৱৰ্কৰ পিছতো কিন্তু কোনো ন্যায়াধীশ আহি চোৱা নাই নাই অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। কোন কোন বিদেশীৰ নামৰ সোমাইছে দেখুৱাই দিয়ক, আমিও স্বদেশীৰ নাম জাপে জাপে তথ্য সহকাৰে দেখুৱাই দিব পাৰিম বুলিও অভিযোগ কৰে ৰিপুণ বৰাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি