অগ্নিপথ” বাতিলৰ দাবী, কংগ্ৰেছৰ যৌথ উদ্যোগত সত্যাগ্ৰহ

অগ্নিপথ” বাতিলৰ দাবী,  কংগ্ৰেছৰ যৌথ উদ্যোগত সত্যাগ্ৰহ

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  শাসনৰ গাদী দখল কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্বেচ্ছাচাৰী ৰাজ আৰম্ভ কৰিছে।  সীমাহীন জনবিৰোধী আইন আৰু আঁচনি গ্ৰহণ কৰি  হিটলাৰী শাসন চলোৱা গেৰুৱা  দল আৰু চৰকাৰে শেহতীয়া ভাবে দেশ আৰু ৰাষ্ট্ৰৰ নৱ যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলা আৰম্ভ কৰিছে। গেৰুৱা দলৰ চৰকাৰৰ এনে মাতব্বৰী ভূমিকা মানি লোৱা নহ'ব। ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি , ঘিলামৰা ব্লক কংগ্ৰেছ সমিতি আৰু বগীনদী ব্লক কংগ্ৰেছ সমিতিৰ যৌথ উদ্যোগত সোমবাৰে দুপৰীয়া   "গণতান্ত্ৰিক সত্যাগ্ৰহ" কাৰ্যসূচী অনুষ্ঠিত কৰি এখন প্ৰতিবাদী সভাত এই মন্তব্য কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াই । 

চেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কথা আৰু কামৰ  সাদৃশ্য নথকা এজন মিছলিয়া প্ৰধান মন্ত্ৰী বুলি অভিহিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ "অগ্নিপথ" আঁচনিৰ সবল বিৰোধিতা কৰি ঢকুৱাখনা নগৰৰ গান্ধী ময়দানৰ সন্মুখত দুপৰীয়া ১০ বজাৰ পৰা বিয়লি  ১বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ।  'স্বেচ্ছাচাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ বেক ,  স্বদেশ আৰু  স্বজাতিৰ শত্ৰু বিজেপি  মূর্দাবাদ,  নৰেন্দ্ৰ মোদীৰ মাতব্বৰী শাসন বন্ধ কৰক, অগ্নিপথ আঁচনি বাতিল কৰক, অগ্নিপথ আঁচনিৰ নামত  যুৱ প্ৰজন্মৰ ভৱিষ্যতকলৈ হেতালি খেলা বন্ধ কৰক , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ ,  দেশৰ সৰ্বভৌমত্বকলৈ নিৰ্লজ হেতালি খেলা বন্ধ কৰক ,  নৱ প্ৰজন্মক "অগ্নিপথ" আঁচনিৰ জৰিয়তে অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া বন্ধ কৰক , নিবনুৱাৰ ভৱিষ্যত ধ্বংসকাৰী অগ্নিপথ আঁচনি তৎকালে বাতিল কৰক" আদি শ্লোগান দি প্ৰতিবাদথলী বহু সময় ধৰি উত্তাল কৰি ৰাখে ।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য  মুকুল গগৈ,
লখিমপুৰ জিলা কংগ্ৰেছৰ সদস্য মণিকা পাতিৰ ,  ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া , সাধাৰণ সম্পাদক শৰৎ পাতিৰ , ৰাকেশ পেগু , ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া,  বগীনদী ব্লক কংগ্ৰেছৰ সভাপতি ফণীধৰ গগৈ , ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত  ।

  "অগ্নিপথ"ৰ দৰে জনবিৰোধী আঁচনিৰ জৰিয়তে স্বেচ্ছাচাৰী  গেৰুৱা  চৰকাৰখনে  দেশৰ নৱ  প্ৰজন্মক অন্ধকাৰাছন্ন  ভৱিষ্যতৰ কৰাল গ্ৰাসলৈ নিমৰ্জিত কৰা  আৰু নির্বাচনোত্তৰ সকলো প্ৰতিশ্ৰুতি পালনত এই গেৰুৱা  চৰকাৰখনে ব্যৰ্থ হোৱা  বুলি উল্লেখ কৰি প্ৰতিবাদ থলীত  অনুষ্ঠিত কৰে এখন প্ৰতিবাদী সভা। বগীনদী ব্লক কংগ্ৰেছৰ সভাপতি ফণীধৰ গগৈ  ,  ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া , সাধাৰণ সম্পাদক শৰৎ পাতিৰ আদিয়ে  বক্তব্য ৰখা এই সর্বনাশী আঁচনি তৎকালে বাতিলৰ দাবী জনায়  সত্যাগ্ৰহ কাৰ্যসূচীৰ সফল সামৰণি মাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in