শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানকাচৰ উত্তাল কৰিলে কংগ্ৰেছ কৰ্মীয়ে…

48

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে কংগ্ৰেছ দলৰ প্ৰতিবাদ। সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মানকাচৰত গেছৰ চিলিণ্ডাৰলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।

পৰিৱৰ্তনৰ আশ্বাস দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে কিন্তু পৰিৱৰ্তন কৰিব নোৱাৰিল কংগ্ৰেছ দিনৰে পৰা চলাই অহা মূল্যবৃদ্ধিৰ। মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ দিনত কংগ্ৰেছৰ দিনতকৈও অধিক মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গ’ল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ দল। ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেওবাৰৰ পৰা কংগ্ৰেছ দলে আৰম্ভ কৰিছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী। দেওবাৰে ৰাজ্যৰ প্রান্তে প্রান্তে কংগ্ৰেছ নেতা কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত সোমবাৰেও কংগ্ৰেছ কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু ফেকামাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰী সকলে গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ আকাশ বতাহ উত্তাল কৰি তোলে। কংগ্ৰেছ দলৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মানকাচৰৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি