মঙলদৈ আৱৰ্ত ভৱনত কংগ্ৰেছ আৰু কংগ্ৰেছ বিধায়িনী দলৰ সংবাদ মেল।

মঙলদৈ আৱৰ্ত ভৱনত কংগ্ৰেছ আৰু কংগ্ৰেছ বিধায়িনী দলৰ সংবাদ মেল।

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ ঢলপুৰ উচ্ছেদৰ বিৰোধিতা কৰি মঙলদৈৰ আবৰ্ত ভৱনত কংগ্ৰেছ দল আৰু কংগ্ৰেছ বিধায়িনী দলে এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত বিজেপি চৰকাৰে মানৱীয় প্ৰমূল্যবোধ পাহৰি হিটলাৰী শাসন চলাইছে বুলি অভিযোগ তোলে।

উচ্চ ন্যায়ালয়ৰ বাধা থকাৰ পিচতো দৰং জিলা প্ৰশাসনে কি দৰে উচ্ছেদ কৰিলে বুলি অভিযোগ তোলে সংবাদ মেলত৷ উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলিও সংবাদ দাবি তোলে।  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ লগতে সংবাদ মেলত শিকদাৰে কয় যে উচ্ছেদিত প্ৰতিটো পৰিয়ালেই ভাৰতীয় নাগৰিক। 

এটা অদৃশ্য শক্তিয়ে দৰং জিলা প্ৰশাসনক নেতৃত্ব দি আছে বুলি সংবাদ মেলত উল্লেখ কৰি এই ধলপুৰৰ উচ্ছেদিত লোক সকলক অনতিপলমে মাটিৰ পট্টা দিবলৈ চিকদাৰে দাবী উত্থাপন কৰে।

শিকদাৰে পদ্ম হাজৰিকাৰ নাম প্ৰকাশ নকৰাকৈ কংগ্ৰেছে হাজৰিকাক কৃষি বিজ্ঞানী আখ্যা প্ৰদান কৰে লগতে দৰং জিলা প্ৰশাসনে দানবৰ ৰূপ ধাৰণ কৰি উচ্ছেদ অভিযান চলাইছে বুলি কয়।

বুধবাৰৰ ভিতৰত বিশুদ্ধ খোৱা পানী, পাইখানা আৰু ত্ৰিপালৰ ব্যৱস্থা কৰিবলৈ দাবী তোলে মংগলবাৰে সংবাদ মেল যোগে। আৰু যদি নকৰে কংগ্ৰেছে ৰাজ্যজুৰি বৃহৎ আন্দোলন কৰিব বুলি উল্লেখ কৰে। তাৎক্ষণিক ভাৱে প্ৰতি গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও জাকিৰ হুছেইন চিকদাৰে দাবী তোলে।এই সংবাদ মেলত উপস্থিত বিধায়ক বসন্ত দাস, নুৰুল হুদা, আব্দুল ৰহিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in