উত্তৰ প্ৰদেশত ৭ খন আসন এৰি দি ভুৱা অনুকম্পা দেখুওৱাব নালাগে কংগ্ৰেছেঃ মায়াৱতী

উত্তৰ প্ৰদেশত ৭ খন আসন এৰি দি ভুৱা অনুকম্পা দেখুওৱাব নালাগে কংগ্ৰেছেঃ মায়াৱতী

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ এতিয়া সকলোবোৰ ৰাজনৈতিক দলৰ বাবেই লোকসভা নিৰ্বাচৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজ্য হৈ পৰিছে। সোমবাৰে বিএছপিৰ প্ৰধান মায়াৱতীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ দাবী কৰি কয় যে উত্তৰ প্ৰদেশত এছপি আৰু বিএছপিৰ মিত্ৰজোঁটে অতি সহজেই বিজেপিক পৰাস্ত কৰিব পাৰিব।

কংগ্ৰেছে ৰাজ্যখনৰ ৮০ খন লোকসভা আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰি এছপি, বিএছপি আৰু আৰএলডিৰ বাবে ৭ খন এৰি দি ভুৱা অনুকম্পা দেখুৱাব নালাগে বুলিও মন্তব্য কৰে মায়াৱতীয়ে।

উল্লেখ্য যে, দেওবাৰে কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰি উত্তৰ প্ৰদেশত ৭ খন আসন এছপি, বিএছপি আৰু আৰএলডিৰ বাবে এৰি দিয়াৰ কথা ঘোষণা কৰিছিল। কংগ্ৰেছে ৰাজ্যখনত অপনা দলৰ বাবেও দুখন আসন সংৰক্ষণ ৰখাৰ কথা ঘোষণা কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in