হাগ্ৰামাক গাদীচ্যুত কৰিবলৈ কংগ্ৰেছৰ নতুন প্লেন!

হাগ্ৰামাক গাদীচ্যুত কৰিবলৈ কংগ্ৰেছৰ নতুন প্লেন!

ডিজিটেল সংবাদ, ওদালগুৰিঃ "নেতৃত্ব সলনি সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰচৰাত যিমান দাবী উত্থাপিত হ'লেও দলটোৰ নেতৃত্ব সলনি নহয়। এআইচিচিৰ নেতৃত্বই প্ৰদান কৰা এই মন্তব্য সকলো কংগ্ৰেছ কৰ্মীয়ে মানি লৈছে। এতিয়া আৰু কংগ্ৰেছ দলটোৰ মাজত কোনো বিসম্বাদ নাই।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটি চমুকৈ এপিচিচিৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োৰ। এআইচিচি আৰু এপিচিচিৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ওদালগুৰিতো জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত দেশৰ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতাৰ প্ৰতিবাদত বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজনৈতিক দলটোৱে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ "অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, ডিজিটেল ইণ্ডিয়াৰ আগত আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, আমাৰ সম্পদ আমাৰ অধিকাৰ, নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰক, নৰেন্দ্ৰ মোডী-সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি হায় হায়" ইত্যাদি শ্লোগান দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা দলটোৱে এক সমদল কৰি আহি ওদালগুৰি ডাকঘৰৰ সন্মুখত উপস্থিত হৈ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োৱে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনক সমালোচনাৰে থকাসৰকা কৰে। তেওঁ কয় যে, একাংশ পুঁজিপতিৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা এটাকৈ বিমানবন্দৰ, পুৰণি ৰে'ল ষ্টেচন, তেল শোধানাগাৰ, উদ্যোগসমূহ লাহে লাহে বিক্ৰী কৰা আৰম্ভ কৰিছে। গুৱাহাটী বিমানবন্দৰ, কামাখ্যা ৰে'ল জংচনক ইতিমধ্যে সোণোৱাল তথা ৰিহন দৈমাৰীহঁতে বিক্ৰী কৰিলে, লালকিল্লাক চল্লিশ বছৰৰ বাবে বন্ধকত থ'লে। বিগত ছয় বছৰত বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ৯০ লাখ চাকৰি বিলুপ্ত কৰিছে।

কেন্দ্ৰীয় চৰকাৰখনে এক লাখ ছয়সত্তৰ হাজাৰ কোটি নগদ ধন ৰিজাৰ্ভ বেংকৰ পৰা ঋন লৈ বেংকিং চেক্টৰসমূহক ধ্বংসৰ মুখলৈ ঠেলি দিছে। ফলত দেশৰ অৰ্থনীতি বিধস্ত হৈ পৰা বুলি বড়োৱে অভিযোগ উত্থাপন কৰে। ইফালে ৰাজ্যখনত কংগ্ৰেছৰ ভিতৰচৰাত নেতৃত্ব কেন্দ্ৰিক সংঘাত সম্বন্ধে বড়োৱে কয় যে, এই সংঘাত নিৰাময় হৈছে। বৰ্তমান কংগ্ৰেছ নেতৃত্ব সলনি নহয় বুলি এআইচিচিৰ তেতা হৰিশ ৰাৱটে কৰা মন্তব্যক সকলো কংগ্ৰেছ কৰ্মীয়ে মানি লৈছে। ইফালে বিটিচি পৰিষদীয় নিৰ্বাচনত দলটোৰ ভুমিকা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বড়োৱে কয় যে, সম্পূৰ্ণ সক্ৰিয়তাৰে পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে যুজ দিব।

বৰ্তমানলৈ ২৭ টা পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে দলটো। আনহাতে হাগ্ৰামাৰ স্বৈৰাচাৰী শাসনৰ পৰা বিটিচিবাসীক মুক্তি দিবলৈ তথা হাগ্ৰামাক গাদীচ্যুত কৰিবলৈ প্ৰয়োজন সাপেক্ষে কংগ্ৰেছে সম্ভাৱনাপূৰ্ণ ৰাজনৈতিক দলৰ লগত আসন বুজাবুজিৰে নিৰ্বাচনত অংশগ্ৰহণৰ ইংগিত প্ৰদান কৰে। ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলৰ লগত আলোচনা চলি থকাৰ কথাও বড়োৱে সাংবাদিকক জানিবলৈ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকে আন এগৰাকী এপিচিচিৰ সাঃ সম্পাদক বৃষ্টি কুমাৰ বসুমতাৰী, জিলা কংগ্ৰেছৰ সভাপতি-সাঃ সম্পাদক ক্ৰমে নাৰায়ণ অধিকাৰী, নিৰ্মল পাঠক; যুৱ কংগ্ৰেছৰ সভাপতি-সাঃ সম্পাদক ক্ৰমে দিপক বৰাল আৰু ৰোহিত পাৰিকৰৰ লগতে অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in