বিজেপিয়ে যদি ইন্দ্ৰদেৱৰ সিংহাসনখনো শিৱসেনাক এৰি দিয়ে, তথাপিও মিত্ৰতা নহয়ঃ সঞ্জয় ৰাউট

বিজেপিয়ে যদি ইন্দ্ৰদেৱৰ সিংহাসনখনো শিৱসেনাক এৰি দিয়ে, তথাপিও মিত্ৰতা নহয়ঃ সঞ্জয় ৰাউট

ডিজিটেল ডেস্কঃ প্ৰায় সম্পন্ন হৈছে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া। ৰাজ্যখনত শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিয়ে চৰকাৰ গঠনৰ সন্দৰ্ভত শুকুৰবাৰে চূড়ান্ত ঘোষণা কৰিব পাৰে। অৱশ্যে এই মুহূৰ্তলৈ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিশ্চিত হোৱা নাই যদিও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী যে শিৱসেনাৰ পৰাই হ'ব সেই বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে শিৱসেনা আৰু কংগ্ৰেছে। সূত্ৰৰ খবৰ অনুসৰি, যদি শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেয়ে মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ অস্বীকাৰ কৰে, তেন্তে সঞ্জয় ৰাউটেই ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰে।

আনহাতে শুকুৰবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কয় যে যদি ইন্দ্ৰদেৱৰ সিংহাসনখনো বিজেপিয়ে শিৱসেনাৰ বাবে এৰি দিয়ে, তেতিয়াও শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা নকৰে। লগতে ৰাজ্যখনৰ কোনো এজন শিৱসেনাৰ নেতাই মুখ্যমন্ত্ৰীৰ পদ চম্ভালিব বুলিও মন্তব্য কৰে সঞ্জয় ৰাউটে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সঞ্জয় ৰাউটে কয় যে মহাৰাষ্ট্ৰত সম্পূৰ্ণ ৫ বছৰৰ বাবেই শিৱসেনাৰ মুখ্যমন্ত্ৰী হ'ব আৰু আগন্তুক ২ দিনৰ ভিতৰত কোনে মুখ্যমন্ত্ৰীৰূপে শপত ল'ব সেয়া দলে ঘোষণা কৰিব। তেওঁ কয়, 'শিৱসেনা আৰু মহাৰাষ্ট্ৰবাসীয়ে উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰীৰূপে পাব বিচাৰিছে। কিন্তু এতিয়াও মুখ্যমন্ত্ৰী পদক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।'

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত শিৱসেনাই বিজেপিৰ ওচৰত মুখ্যমন্ত্ৰী পদৰ বাবে ৫০-৫০ ফৰ্মুলাৰ প্ৰস্তাৱ ৰাখিছিল যদিও বিজেপিয়ে সেয়া মানি ল'বলৈ অমান্তি হয়। যাৰ ফলত শিৱসেনাই বিজেপিৰে মিত্ৰতা ভংগ কৰি চৰকাৰ গঠনৰ বাবে এনচিপি আৰু কংগ্ৰেছলৈ মিত্ৰতাৰ হাত আগবঢ়ায়। শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিৰ মাজত চলা দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত কংগ্ৰেছে চৰকাৰলৈ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পিছতে বৃহস্পতিবাৰে প্ৰায় চূড়ান্ত হৈ পৰে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী ত্ৰিদলীয় চৰকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in