কেনে আছে শশী থাৰুৰ? স্বাস্থ্যৰ বুজ ল’লে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে…

কেনে আছে শশী থাৰুৰ? স্বাস্থ্যৰ বুজ ল’লে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে…

ডিজিটেল ডেস্কঃ কেৰালাৰ তিৰোঅনন্তপুৰমত পূজা কৰিবলৈ গৈছিল কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে। সেই সময়তে এটা লোৰ টুকুৰা কংগ্ৰেছ সাংসদগৰাকীৰ মূৰৰ ওপৰত খহি পৰাত গুৰুতৰভাৱে আহত হৈছিল তেওঁ। মূৰত আঘাত পোৱা সাংসদ থাৰুক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

মূৰত ৬টাকৈ চিলাই পৰা শশী থাৰুৰ সংকতমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে। ১৬ এপ্ৰিলৰ পুৱা সংঘটিত হৈছিল এই দুৰ্ঘটনা। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সাংসদ থাৰুৰৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে। টুইটাৰযোগে থাৰুৰে এই কথা ৰাজহুৱা কৰাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীক। আৰু দুই এদিন চিকিৎসালয়তে থাকিব লাগিব শশী থাৰুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in