কোনো বিজেপি নেতাক সাক্ষাৎ কৰা নাই কংগ্ৰেছ সাংসদ কোমাতিৰেড্ডী ভেংকট ৰেড্ডীয়ে

কোনো বিজেপি নেতাক সাক্ষাৎ কৰা নাই কংগ্ৰেছ সাংসদ কোমাতিৰেড্ডী ভেংকট ৰেড্ডীয়ে
  • কোনো বিজেপি নেতাক সাক্ষাৎ কৰা নাই কংগ্ৰেছ সাংসদ কোমাতিৰেড্ডী ভেংকট ৰেড্ডীয়ে।
  • বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰিলে তেলেংগানাৰ কংগ্ৰেছী সাংসদগৰাকীয়ে।
  • ইয়াৰ পূৰ্বে তেওঁ বিজেপি নেতা ৰাম মাধৱক সাক্ষাৎ কৰা বুলি বাতৰি প্ৰকাশ পাইছিল একাংশ সংবাদ মাধ্যমত।
  • কংগ্ৰেছ ত্যাগ কৰি তেওঁ বিজেপিত যোগ দিব বুলি চলিছিল চৰ্চা।
  • কিন্তু তেনে সকলো বাতৰি খাৰিজ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
  • 'মই কোনো বিজেপি নেতাক সাক্ষাৎ কৰা নাই।'
  • 'এনে খবৰ সম্পূৰ্ণ ভুৱা আৰু মনে সজা।'
  • আনহাতে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰো হুংকাৰ দিলে কংগ্ৰেছ সাংসদ গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in