মই সম্পূৰ্ণ সঁচা কথা কৈছোঃ নৱজোত সিং সিদ্ধু…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত পঞ্জাৱ কেবিনেটৰ বৈঠকত উপস্থিত নাথাকে কংগ্ৰেছৰ নেতা নৱজোত সিং সিদ্ধু। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি লোকসভা নিৰ্বাচনৰ পাছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে নৱজোত সিং সিদ্ধুৰ মাজত হোৱা মতভেদৰ বাবে তেওঁ উপস্থিত নাথাকে এই বৈঠকখনত।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ জনোৱাৰ পাছত দ্বিতীয়বাৰলৈ নৱজোত সিং সিদ্ধু উপস্থিত নাথাকে বৈঠকত। ইফালে, কংগ্ৰেছ নেতাগৰাকীয়ে কেবিনেট বৈঠকত উপস্থিত নথকাৰ কাৰণ কয়- 'মই সম্পূৰ্ণ সঁচা কথা কৈছো, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আধাহে সঁচা কথা কৈছে। মোৰ বিভাগ ভালদৰে কাম কৰি আছে। ময়ো মোৰ প্ৰতিটো কাম ভালদৰে সম্পাদন কৰিছো। কিন্তু মোৰ বিভাগটোকহে কিয় লক্ষ্য কৰি লোৱা হ'ল?'

লগতে তেওঁ কয়- 'মই যি কৈছো শুদ্ধ আৰু সঁচা কথা কৈছো। কংগ্ৰেছৰ জয়ত মোৰ দপ্তৰৰোবিশেষ ভূমিকা আছে।' কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধু মে' মাহত অনুষ্ঠিত কেবিনেটবৈঠকত উপস্থিত হোৱা নাছিল, য'ত সকলো বিধায়ক, কেবিনেট মন্ত্ৰীসকল উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in