লখিমপুৰৰ তিনিটা সমষ্টিত মিত্ৰজোঁটৰ ভেঁটিত কঁপনি তুলিছে কংগ্ৰেছ মহাজোঁটে…

লখিমপুৰৰ তিনিটা সমষ্টিত মিত্ৰজোঁটৰ ভেঁটিত কঁপনি তুলিছে কংগ্ৰেছ মহাজোঁটে…

ডিজিটেল সংবাদ , লখিমপুৰ : লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কালি সন্ধ্যা ৬ বজাত সামৰণী পৰাৰ পিছৰেপৰা ক্ৰমাৎ সমষ্টিকেইটাত নিৰ্বাচনী সমীকৰণো সলনি হৈ পৰাহে পৰিলক্ষিত হৈছে । বিজেপি মিত্ৰজোঁটৰ হাইপ্ৰফাইল নেতাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰৰ পিছতো এইবাৰ জিলাখনৰ তিনিটা সমষ্টিত মিত্ৰজোঁটৰ ভেঁটিত কঁপনি তুলিছে কংগ্ৰেছ মহাজোঁটে ।

জানিব পৰা মতে , এইবাৰ জিলাখনৰ ১০৯ নং বিহপুৰীয়া সমষ্টি , ১১০ নং নাওবৈচা সমষ্টি আৰু ১১১ নং লখিমপুৰ সমষ্টিত বিজেপি-অগপৰ প্ৰাৰ্থীসকলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে । ১১২ নং ঢকুৱাখনা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ বিজয়ৰ পথ বৰ্তমান সময়ত মসৃণ যদিও এই গৰাকী প্ৰাৰ্থীৰো ভাগ্য এতিয়া ওলমি ৰৈছে সমষ্টিটোৰ অন্তৰ্গত কদম , চিয়াজুলি , ওখমাটি , ডাংধৰা , ডিমৰুগুৰি , বৰ্ষামুখ , বিলমুখ , ভীমপৰা আৰু সোৱণশিৰি পঞ্চায়তবাসীয়ে কৰা ভোটদানৰ ওপৰতহে ।

১০৯ নং বিহপুৰীয়া সমষ্টিত বিজেপি দলে এইবাৰ বিধায়ক দেৱানন্দ হাজৰিকাক টিকট বঞ্চিত কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি আপোনৰূপে পৰিচিত প্ৰাক্তন আছু নেতা ড° অমিয় কুমাৰ ভূঞাক প্ৰাৰ্থীৰূপে সমষ্টিটোত প্ৰক্ষেপ কৰিছে যদিও স্থানীয় বিজেপি নেতাৰ সলনি আমদানিকৃত নেতাগৰাকীকহে দলটোৱে প্ৰক্ষেপ কৰাত স্থানীয় ৰাইজ বিতুষ্ট হোৱা পৰিলক্ষিত হৈছে ।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ দেৱানন্দ হাজৰিকাৰ হাতত ২৬০৭২ টা ভোটৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছৰেপৰা সমষ্টিবাসী ৰাইজৰ কাষত প্ৰতিটো মূহূত্বতে থাকি সেৱা আগবঢ়াই অহা কংগ্ৰেছ প্ৰাৰ্থী ভূপেন বৰাৰ প্ৰত্যাহ্বান নেওচি সমষ্টিটোত বহিৰাগত প্ৰাৰ্থী বুলিহে পৰিচয় লাভ কৰা অমিয় ভূঞা আগবাঢ়ি যোৱাতো বৰ্তমান কষ্টসাধ্য হ'ব বুলিহে সমষ্টিবাসীয়ে মতপোষণ কৰিছে ।

১১০ নং নাওবৈচা সমষ্টিত ২০১৬ চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী মামুন ইমদাদূল হকে বিজেপিৰ প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙক মাত্ৰ ১২৪৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । ২০১৬ চনত মামুনে ৫৫,৯৭৪ টা , ৰাও গজেন্দ্ৰই ৫৪,৭৩০ টা , কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয়ৰাজ চুব্বাই ৩৩,৮২৪ টা আৰু অগপৰ জয়ন্ত খাউণ্ডে ৮০৫৫ টা ভোট লাভ কৰিছিল যদিও মিত্ৰতাক ভিত্তি কৰি এইবাৰ সমষ্টিটোত কংগ্ৰেছ দলে ভৰত চন্দ্ৰ নৰহক প্ৰাৰ্থীত্ব আগবঢ়োৱাত তথা দলীয় টিকটৰপৰা বঞ্চিত হৈ সমষ্টিটোত নিৰ্দলীয়ৰূপেই বিজেপিৰ ৰাও গজেন্দ্ৰই প্ৰতিদ্বন্দীতা আগবঢ়োৱাত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড সমষ্টিটোত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

আনহাতে মিত্ৰতাস্বত্বেও বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দীতাৰ নাম দি ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিত অগপ দলে বিধায়ক উৎপল দত্তক আৰু বিজেপি দলে মানৱ ডেকাক প্ৰাৰ্থীত্ব আগবঢ়োৱাত সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ বিজয়ৰ পথ মসৃন হোৱা বুলিয়ে সমষ্টিটোৰ গৰিষ্ঠ সংখ্যক ভোটাৰ ৰাইজে মতপোষণ কৰিছে ।

কিয়নো এইবাৰ ২০১৬ চনৰ দৰে দলীয় টিকটৰপৰা বঞ্চিত হৈ নিৰ্দলীয়ৰূপে সমষ্টিটোত প্ৰতিদ্বন্দীতা আগবঢ়োৱা নাই প্ৰাক্তন কংগ্ৰেছী বিধায়ক ঘন বুঢ়াগোঁহাইয়ে । ২০১৬ চনত লখিমপুৰত অগপ বিধায়ক উৎপল দত্তই ৪১৪৮ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ ঘন বুঢ়াগোঁহাইয়ে নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দীতা আগবঢ়াই কংগ্ৰেছৰ ভোট বিভাজনেৰে ২৩২৯৫ টা ভোট লাভ কৰাৰ বাবেহে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in