শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

কংগ্ৰেছে ৭০ বছৰে গান্ধীজীৰ ৰাম ৰাজ্যৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰিলেঃ সৰ্বানন্দ সোণোৱাল

110

ডিজিটেল সংবাদ, ছিপাঝাৰঃ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে বিজেপিয়ে মঙলবাৰে ৰাজ্যজুৰি উলিওৱা পাদযাত্ৰাৰ ছিপাঝাৰত শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই উপলক্ষে ছিপাঝাৰ একাডেমি খেলপথাৰত আয়োজিত এক সভাত অংশ লৈ মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত কয়- “বাপুজীয়ে এইখন ৰাষ্ট্ৰক ৰামৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এই সংকল্প যাত্রাৰে আমি বাপুজীৰ সপোন দিঠকত পৰিণত কৰিব লাগিব।” তেওঁ লগতে কয়- “বিশ্বৰ সাতশ কোটি জনতাই বাপুজীৰ আদৰ্শ গ্ৰহণ কৰিছে আৰু বাপুজীৰ আদৰ্শৰে বিশ্বৰ বুকুত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ গঢ় দিয়াৰ নিমিত্তে প্ৰতিখন ৰাষ্ট্ৰীয় ই সংকল্প লৈছে।”

মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ ৰাজহ আৰু জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, নলবাৰীৰ বিধায়ক অশোক শৰ্মা আদি উপস্থিত থকা সভাখনত ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই আদৰণি ভাষণত কয়- “কংগ্ৰেছে স্বাধীনতাৰ পিছত প্ৰায় ৭০ বছৰ ভাৰতবৰ্ষক শাসন কৰিলে। ৰাজনৈতিকভাৱে কংগেছে গান্ধীজীৰ নাম লয়, গান্ধীজীৰ দল বুলি কয়। কিন্তু গান্ধীজীৰ সপোনৰ ভাৰতবৰ্ষ গঢ়ি তোলাত কংগ্ৰেছ দলে ব্যৰ্থ হ’ল।

গান্ধীজীৰ যি ৰামৰাজ্যৰ সপোন আছিল সেই সপোন কংগ্ৰেছে ধুলিসাৎ কৰিলে। “সভাখনত মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্য চৰকাৰৰ পেঞ্চন লাভ কৰা ছিপাঝাৰৰ শিল্পী, সাহিত্যিক আৰু মুক্তি যুঁজাৰু সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি