‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’

‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’

ডিজিটেল ডেস্কঃ সদ্য ঘোষিত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখ থেকেচা খাইছে বিজেপিয়ে৷ কিন্তু নাও বুৰিলেও টিনৰ পৰা নানামে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ৷ বুধবাৰে এক দিল্লীৰ এক অনুষ্ঠানত অংশ লৈ অমিত শ্বাহে দাবী কৰে যে ২০১৯ত কেন্দ্ৰত পুনৰ বিজেপিয়ে শাসন চলাব৷ আনহাতে কংগ্ৰেছসহ আন আন দলসমূহৰ মহাজোঁট এক ভ্ৰমৰ বাহিৰে আন একো নহয় বুলিও মন্তব্য কৰে অমিত শ্বাহে৷

তেওঁ কয়- 'আমি ২০১৪ৰ নিৰ্বাচনত কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰক হৰুৱাই বিশাল জয় লাভ কৰিছিলো৷ এইবাৰো তেনেকুৱাই হ'ব৷ আমাৰ সৈতে নিৰ্বাচনী ৰণত প্ৰতিদ্বন্দিতা আগবঢ়াব পৰাকৈ তেওঁলোকৰ যোগ্য প্ৰতিদ্বন্দ্বী নাই৷' আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলিও জানিবলৈ দিয়ে শ্বাহে৷ 'আমাৰ মাজত কথা চলি আছে৷ আমি খুবেই আনন্দিত যে শিৱসেনাই আমাৰ সৈতে মিত্ৰতা কৰিবলৈ আগবাঢ়িছে৷'- এনেদৰে কয় অমিত শ্বাহে৷

ইফালে লোকসভা নিৰ্বাচনত বিজেপিৰ ইছ্যু সন্দৰ্ভতো কিছু আভাস দিয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে৷ আগন্তুক লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু দুৰ্নীতি প্ৰতিৰোধত বিজেপিৰ ভূমিকাই নিৰ্বাচনী ইছ্যু হোৱাৰ সম্ভাৱনা আছে৷ 'কংগ্ৰেছে দেশৰ জনতাৰ স্বাৰ্থত একো কৰা নাছিল আৰু ভৱিষ্যতেও কৰিব নোৱাৰে৷ বিজেপি দৰিদ্ৰৰ চৰকাৰ৷ সেয়ে আমি দৰিদ্ৰ লোকৰ বাবেই কাম কৰি আহিছো আৰু ভৱিষ্যতেও কৰিব৷ আমি তেওঁলোকৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰি দিছো, বিনামূলীয়া ৰন্ধন গেছ যোগান ধৰিছো৷'- এই মন্তব্যৰে কংগ্ৰেছক আক্ৰমণ কৰে অমিত শ্বাহে৷

উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিজেপি বিৰোধী ফলাফলে লোকসভা নিৰ্বাচনত কোনো গুৰুত্ব লাভ নকৰে বুলি দাবী কৰিলেও এই তিনি হিন্দী বলয়ৰ ৰাজ্যৰ ফলাফলে ২০১৯ৰ নিৰ্বাচনৰ ফলাফলত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ আনহাতে, ২০১৪চনৰ মোডী লহৰ এতিয়া বহুখিনি হ্ৰাস পাইছে বুলিও চৰ্চা চলিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in