পঞ্জাৱত কংগ্ৰেছে খেলিলে বিজেপিৰ ৰাজনীতিঃ লক্ষ্য ২০২২ ৰ বিধানসভা নিৰ্বাচন

পঞ্জাৱত কংগ্ৰেছে খেলিলে বিজেপিৰ ৰাজনীতিঃ লক্ষ্য ২০২২ ৰ বিধানসভা নিৰ্বাচন

ডিজিটেল ডেস্কঃ পঞ্জাৱত কংগ্ৰেছে দিলে একপ্ৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক। বিসম্বাদে জুৰুলা কৰা পঞ্জাৱত কংগ্ৰেছে খেলিলে বিজেপিৰ পলিটিক্স। অৱশ্যে পঞ্জাৱত কংগ্ৰেছ নেতৃত্বই খেলা এই বিজেপিৰ পলিটিক্সে কিমনদূৰ সহায় কৰে সেয়া সময়েহে ক'ব।

পঞ্জাৱত জনসংখ্যাৰ ৩২ শতাংশ দলিত। ১১৭ খন বিধানসভা আসনৰ ভিতৰত, ৩৪ খন আসন সংৰক্ষিত। সাধাৰণ আসনৰ ওপৰতো প্ৰভাৱ আছে দলিতসকলৰ।ৰাজ্যখনৰ দোৱাবা অঞ্চলটো দলিতেই নিৰ্ণায়ক ভূমিকা পালন কৰে। দলিতসকলৰ ভোট বিভাজন হলেও তেওঁলোকেই কিং মেকাৰৰ ভূমিকা পালন কৰে।

এইসকলো অংক কৰি বিসম্বাদে জুৰুলা কৰা পঞ্জাৱত কংগ্ৰেছ দলে পুন প্ৰথমবাৰৰ বাবে এজন দলিতক মুখ্যমন্ত্ৰী পদ অৰ্পন কৰিলে।দলটোৱে ৰাজ্যখনত চৰণজিৎ সিং চন্নিক কেপ্টেইন অমৰিন্দৰ সিঙৰ উত্তৰসূৰী হিচাপে বিবেচনা কৰি তেওঁকেই মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিলে। ফলস্বৰূপে কেৱল কংগ্ৰেছ দলৰে নহয় ৰাজ্যখনৰে প্ৰথমজন দলিত মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈ পৰিল চৰণজিৎ সিং চন্নি।

পঞ্জাৱত ২০২২ চনত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। সেই অনুসৰি নতুন মুখ্যমন্ত্ৰীগৰাকী কেৱল মাত্ৰ ৫ মাহৰ বাবে দায়িত্বত থাকিব। কিন্তু ৫ মাহৰ বাবে হলেও এগৰাকী দলিতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা বিষয়টোৱে এতিয়া ৰাজ্যখনৰ দলিতসকলৰ মনত আনন্দ দিছে। স্বাধীনতাৰ পিছৰে পৰা, পঞ্জাৱত ১৫ জনে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে যদিও এবাৰো দলিতে এই সুযোগ লাভ নকৰিলে।

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱেও কেপ্টেইন অমৰিন্দৰ সিঙৰ বিৰোধিতা কৰি এনে এক নতুন মুখেই নেতৃ্ত্বৰ বাবে বিচাৰিছিল। ইফালে এই দলিত নেতাজনক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদানৰ বাবে কংগ্ৰেছ নেতৃত্বক পৰামৰ্শ প্ৰদান কৰাৰ আঁৰৰ মানুহজন ৰাজনীতিৰ চানক্য হিচাপ পৰিচিত প্ৰশান্ত কিশোৰ বুলি জানিব পৰা গৈছে।

ইফালে ৰাজ্যখনত দলিতক লৈ ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰিছিল বিজেপিৰ লগতে বহুজন সমাজবাদী পাৰ্টীয়ে। বহুজন সমাজবাদী পাৰ্টীয়ে ৰাজ্যখনত উপ-মুখ্যমন্ত্ৰী হিচাপে দলিত সম্প্ৰদায়ৰ নেতাক দায়িত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে বিজেপ দলে ২০২২ নিৰ্বাচনত এজন দলিতক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰো পৰি আম আদমি পাৰ্টীয়েও পঞ্জাৱত এজন দলিত মুখ্যমন্ত্ৰী হোৱাৰ পোষকতা কৰিছিল। কেজৰিৱালে এই বিষয়ত মন্তব্য প্ৰকাশ কৰিছিল।

২০২২ চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি এইদৰে মুখ্যমন্ত্ৰী হিচাপে দলিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰচাৰ চলাই থকাৰ সময়তে কংগ্ৰেছে কেপ্টেইন অমৰিন্দৰ সিঙক আঁতৰাই এগৰাকী দলিতক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰাত এতিয়া বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

মন কৰিবলগীয়া যে বিজেপি, বি এছ পি, আপ, বিজেপি মিত্ৰ দল আকালি দলে এগৰাকী দলিতক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিব বুূলি কৈছিল যদিও কোন দলিত নেতাক এই দায়িত্ব প্ৰদান কৰিব সেইয়া ৰাজহুৱা কৰা নাছিল। কোন দলিত নেতাক সন্মুখত লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব সেই বিষয়ে কোনো সিদ্ধান্তও নাছিল এই দলবোৰৰ। কেৱল দলিত সকলৰ প্ৰিয়ভাজন হবলৈকে দলবোৰে দলিতৰ কথা কৈছিল।

এনে পৰিস্থিতিত কংগ্ৰেছে এগৰাকী দলিতক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰি বিজেপিকে ধৰি অন্যান্য দলৰ ৰাজনৈতিক সমীকৰণত খেলিমেলিৰ সৃষ্টি কৰিলে। ৰাজ্যখনত ৫ মাহৰ বাবে হলেও এগৰাকী দলিতক মুখ্যমন্ত্ৰী হিচাপে লাভ কৰাত দলিতসকলৰ মাজত সৃষ্টি হৈছে আনন্দ। ইফালে ৫ মাহ পিছত অনুষ্ঠিত হবলগীয়া বিধানসভাৰ নিৰ্বাচনত নিশ্চিতভাৱে কংগ্ৰেছে নতুনকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা দলিত নেতা চৰণজিৎ সিং চন্নিকেই সন্মুখত লৈ যে নিৰ্বাচনী যুঁজত নামিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in