ফাকিবাঁজ কংগ্ৰেছৰ ধূৰ্তালি : ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫ গেৰান্টী বৰাকত হ’ল গৈ ৪,নিৰুদ্দিষ্ট ‘কা’ৰ প্ৰসংগ…

ফাকিবাঁজ কংগ্ৰেছৰ ধূৰ্তালি : ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫ গেৰান্টী বৰাকত হ’ল গৈ ৪,নিৰুদ্দিষ্ট ‘কা’ৰ প্ৰসংগ…

ডিজিটেল ডেস্ক : ৰাজনৈতিক নেতাই ৰূপ সলোৱা নতুন কথা নহয় । যোৱা নিৰ্বাচনত পৰিবৰ্তনৰ শ্লোগানক সাৰথি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত কেনে পৰিবৰ্তন হ'ল সেয়া অসমৰ ৰাইজে দেখিলে । সেইবাবেই সেই কথা বিজেপিয়ে ভালদৰে জানে বাবেই সদ্য সমাপ্ত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে পৰিবৰ্তনৰ পৰিবৰ্তে এইবাৰ সাৰথি কৰি লৈছিল সভ্যতা,সংস্কৃতি ৰক্ষাৰ শ্লোগান ।

বিজেপিৰ প্ৰতি মোহভংগ ৰাইজে ভবা নাছিল বিজেপিক উৎখাতৰ নামত সকলোকে একত্ৰিত কৰি মহাজোঁট গঠনেৰে নিৰ্বাচনত নমা কংগ্ৰেছ দলে একেটা নিৰ্বাচনতেই দুটা ৰূপ সলনি কৰিব । ৰাইজৰ নিশ্চয় মনত আছে ব্ৰহ্মপুত্ৰ উপত্যকাত ৫ গেৰান্টীক শ্লোগান কৰি নিৰ্বাচনত অবতীৰ্ন হৈছিল কংগ্ৰেছ ।

প্ৰতিশ্ৰুতি নহয় এই ৫ গেৰান্টীত আছিল ৫ লাখৰ চাকৰি, জাতিধংসী 'কা'ৰ অৱসান,চাহ শ্ৰমিকক ৩৬৫ টকাৰ মজুৰি,মাহিলী ২০০ ইউনিটৰ বিজুলী বিনামূলীয়াকৈ যোগান আৰু প্ৰতিগৰাকী গৃহিনীক মাহে দুহেজাৰকৈ টকা অনুদান ।

কিন্তু অতি লজ্জা জনক ভাবে একেটা দল কংগ্ৰেছে একেখন অসমৰে ব্ৰহ্মপুত্ৰ উপত্যকাত দিয়া ৫ গেৰান্টী বৰাক উপত্যকাত নিশাৰ ভিতৰতে সলাই পেলালে । কিয়নো বৰাকত আছে 'কা'ক সমৰ্থন কৰা অতিকৈ প্ৰভাবশালী নেত্ৰী সুস্মিতা দেবৰ লগতে বাঘা বাঘা কংগ্ৰেছ নেতা সকল আৰু বৃহৎ সংখ্যক বঙালী হিন্দু ভোটাৰ ।

সেইবাবে কা আন্দোলনৰ সময়তে সুস্মিতা দেবে কা ক সমৰ্থন কৰি বৰাকত দিয়া ভাষণ সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই সেই গৰাকী নেতৃক এটাও প্ৰশ্ন সোধা নাছিল । কিন্তু শেহতীয়া নিৰ্বাচনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিটো সমষ্টিৰ প্ৰতি ঘৰ মানুহৰ পদূলীত 'কা' বাতিলৰ প্ৰতিশ্ৰুতিৰ হুংকাৰ দিয়া কংগ্ৰেছ দলে অতি নিৰ্লজ ভাবে বাতৰি কাকত যোগে প্ৰকাশ কৰা বিজ্ঞাপনৰ উপৰি বিভিন্ন স্থানত অৰা বিভিন্ন হৰ্ডি আদিত কা সন্দৰ্ভত থকা গেৰান্টী সন্দৰ্ভত এটা শব্দও ক'তো উল্লেখ নকৰিলে ।

উপত্যকাটোৰ বঙালী কাকত সমূহৰ লগতে প'ষ্টাৰ আদিত কাছাৰ কাগজ কল পুনৰ উজ্জীবিত কৰা,চৰকাৰী বিভাগৰ তৃতীয়,চতুৰ্থ শ্ৰেণীত মকৰল কৰা, কবিগুৰু ৰবিন্দ্ৰ নাথ ঠাকুৰৰ নামত সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলা, শিলচৰ ৰেল ষ্টেছনৰ নাম পৰিবৰ্তন কৰা,শিলছৰ মেডিকেল কলেজৰ উন্নয়ন,বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰা এই ধৰনৰ ফপোলা প্ৰতিশ্ৰুতি বিজ্ঞাপনৰ উপৰিভাগত গুৰুত্ব সহকাৰে প্ৰকাশ কৰাৰ বিপৰীতে অতি আশ্চৰ্যজনক ভাবে ব্ৰহ্মপুত্ৰ উপত্যকাত চলোৱা ৫ গেৰান্টীৰ বিষয়টো গুৰুত্বহীন কৰি তোলে ।

তাতোকৈ আশ্চৰ্যজনক কথাটো হ'ল বিজ্ঞাপনৰ তলত ৫ লাখ লোকৰ চাকৰি,৩৬৫ টকাৰ মজুৰি,মাহিলী ২০০ ইউনিটৰ বিনামূলীয়া বিজুলী আৰু ২০০০ টকাৰ গৃহিনী অনুদানৰ কথা উল্লেখ কৰিলেও কা ৰ দফাটো এই বিজ্ঞাপনৰ পৰাই আতৰোৱাই পেলোৱা হ'ল ।

অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫ গেৰান্টী বৰাকত হ'লগৈ ৪ গেৰান্টী । অসমৰ ৰাইজক মুৰ্খ সজাই এনেদৰেই নিৰ্বাচনী কৌশল ৰচনা কৰা কংগ্ৰেছ দলক অসমৰ ৰাইজে ক্ষমতাত বহিব পৰাকৈ ভোট দিছে নে নাই সেয়া সময়ত প্ৰমান হ'ব যদিও ভোট গননাৰ পূৰ্বেই ধুৰন্ধৰ দলটোৰ দুতলীয়া চৰিত্ৰ নাঙঠ হৈ পৰাটো পিছে ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in