নতুন মন্ত্ৰীসভালৈ অভিনন্দন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ…

নতুন মন্ত্ৰীসভালৈ অভিনন্দন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ…

ডিজিটেল সংবাদ,বোকাখাত : ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে আন কেইবাজনেও শপত গ্ৰহণ কৰা কাৰ্যক অসম ৰাজ্যিক সাংবাদিক সন্থাই অভিনন্দন জনাইছে।

সস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সম্পাদক ৰাতুল বৰাই এক বিবৃতিৰ জৰিয়তে ' হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ আশা আকাংক্ষা পূৰণ কৰাত সফল হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰে যে, বর্তমান মূল বিষয়টোৱেই হৈছে ৰাজ্যখনত সংক্রমিত হোৱা ক'ৰণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অতি সক্রিয়তাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা।

ইয়াৰ লগে লগে কেইবা দশক ধৰি ৰাজ্যবাসীয়ে সন্মুখীন হৈ অহা জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত চৰকাৰে আগভাগ ল'ব লাগিব। আনফালে ৰাজ্যখনৰ অস্বাভাবিকভাৱে বৃদ্ধি হোৱা অত্যাবশ্যকীয় সা-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা অসম চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰা আদিৰ ক্ষেত্ৰতো ৰাজ্যবাসীয়ে আশা কৰাৰ দৰে ব্যৱস্থা ল'ব লাগিব। তদুপৰি ৰাজ্যখনৰ বৰ্দ্ধিত নিবনুৱা সমস্যা সমাধানৰ বাবেও পদক্ষেপ লোৱাটো অতি প্রয়োজনীয়। নির্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিব লাগিব।

বিবৃতিটোত সাংবাদিক সন্থাৰ সভাপতি-সম্পাদকে ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলে সম্মুখীন হোৱা সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। লগতে বর্তমান কৰণা নিয়ন্ত্ৰণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলে গ্ৰহণ কৰা পদক্ষেপক ৰাজ্যবাসীয়ে কৃতজ্ঞতা জনাইছে।

ইতিমধ্যে ৰাজ্যখনৰ কেইবাগৰাকীও সাংবাদিকৰ দুৰ্ভাগ্যজনক ভাৱে মৃত্যু হৈছে। সেয়েহে ভাৰতবৰ্ষৰ আন ৰাজ্যত স্বীকৃতি দিয়াৰ দৰে অসমৰ ক্ষেত্ৰতো সাংবাদিকসকলক প্রথম শ্ৰেণীৰ যোদ্ধা হিচাবে স্বীকৃতি দিবলৈ অনুৰোধ জনাই। বিবৃতিটোত সফলতাৰে পাঁচবছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰি ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰা সৰ্বানন্দ সোনোৱালকো ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন মুখ্যমন্ত্রীৰ দায়িত্ব অৰ্পনৰ ক্ষেত্ৰত সৰ্বানন্দ সোনোৱালৰ পদক্ষেপ ৰাজনীতিত এক অভূতপূর্ব আৰু বিৰল দিশ হিচাবে বিবেচনা হ'ব বুলি উল্লেখ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in