নাৰায়ণপুৰৰ জৰাবাৰীত যুৱ ব্যৱসায়ীৰ মৃত্যুত শোক

নাৰায়ণপুৰৰ জৰাবাৰীত যুৱ ব্যৱসায়ীৰ মৃত্যুত শোক

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ গোসাঁইবাৰী-শিৱসাগৰীয়া গাঁও নিবাসী চিদানন্দ দত্তৰ জ্যেষ্ঠ পুত্ৰ, সৰবৰহী যুৱক প্ৰাঞ্জল দত্ত (৩৯)ৰ শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ ঘটনাই সমগ্র অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে, স্থানীয় জৰাবাৰী চাৰিআলিত কিতাপৰ দোকান দি পৰিয়াল পোহপাল দি অহা বিবাহিত যুৱকজন যোৱা ২২ নৱেম্বৰৰ নিশা এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি দেওবাৰে দিনটো জৰাবাৰী চাৰিআলি ব্যৱসায়ী সকলে বন্ধ পালন কৰে।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত যুৱকজনে মৃত্যুৰ সময়ত পিতৃ-মাতৃ, দুই ভাতৃৰ লগতে পত্নী সহ এটি আঢ়ৈ বছৰীয়া কন্যা সন্তান ইহসংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in