সোনাৰী চাপৰিত ভয়ংকৰ অগ্নিকাণ্ড…

সোনাৰী চাপৰিত ভয়ংকৰ অগ্নিকাণ্ড…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সোনাৰী চাপৰি চাৰিআলিত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ৪ খন দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। ঘটনাৰ বিবৰণি অনুসৰি সোমবাৰে নিশা  সোনাৰী চাপৰি চাৰি আলিত অৱস্থিত নিৰঞ্জন খনিকৰ , দীপ্তি চুতীয়া , ৰাজীৱ দলে আৰু মুকুতা নাথৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰহস্যজনক ভাবে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । নিশা প্ৰায় ৯-২০ বজাত জুইৰ লেলিহান শিখাই সমগ্ৰ দোকান কেইখন ছানি ধৰি সম্পূৰ্ণ ৰূপে ভস্মীভূত কৰে ।

স্থানীয় ৰাইজে জুই প্ৰত্যক্ষ কৰি জুই নিৰ্বাপন কৰাৰ প্ৰচেষ্টা কৰে যদিও  জুইত সমস্ত সা-সম্পত্তি  জাহ যায়।  মাজুলী আৰু ঢকুৱাখনা অগ্নি নিৰ্বাপক বিভাগৰ ৪খন গাড়ীয়ে পাছত গৈ জুই নিৰ্বাপন কৰে যদিও এপদো সা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহল । অগ্নিকাণ্ডৰ কাৰণ অদ্যপি জানিব পৰা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বুলি ধাৰণা কৰা হৈছে । জুইত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱা বুলি আশংকা কৰা হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in