উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিয়ে দূৰ কৰিব নোৱাৰিব কৃষি আইন সম্পৰ্কীয় সমস্যা : সুখবীৰ সিং বাদল…

উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিয়ে দূৰ কৰিব নোৱাৰিব কৃষি আইন সম্পৰ্কীয় সমস্যা : সুখবীৰ সিং বাদল…

ডিজিটেল ডেস্ক : আকালি দলৰ মুখ্য নেতা সুখবীৰ সিং বাদলে মঙলবাৰে কয় যে কৃষকৰ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবী কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সকলৰ মাজত হোৱা বৈঠকত বৰ্তমানলৈ কোনো সমাধান সূত্ৰ ওলোৱা নাই । ইফালে কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিয়ে ইতিবাছক ভূমিকা গ্ৰহন কৰিব নোৱাৰিব বুলি মন্তব্য কৰে বাদলে ।

নৱানচহৰ,বাংগা,ফগৱাড়াত ৱাৰ্ড পৰ্যায়ৰ বৈঠকত অনুষ্ঠিত কৰাৰ সময়ত সংমাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে বাদলে ।ইফালে কেন্দ্ৰীয় চৰকাৰে তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবী নাকচ কৰাৰ পিছত ন্যায়ালয়ে গঠন কৰা সমিতিয়ে সৃষ্টিশীল ভুমিকা গ্ৰহণ কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে সুখবীৰ সিং বাদলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in