ডিফুত উপায়ুক্তৰ সন্মিলনঃ এৰাতিতে ব্যয় ৫৬.৮৩ কোটি টকা, বিল দেখি দিছপুৰত আমোলাৰ মুৰ্চাপ্ৰায় অৱস্থাত…

ডিফুত উপায়ুক্তৰ সন্মিলনঃ এৰাতিতে ব্যয় ৫৬.৮৩ কোটি টকা, বিল দেখি দিছপুৰত আমোলাৰ মুৰ্চাপ্ৰায় অৱস্থাত…

ডিজিটেল ডেস্কঃ ডিফুত ২২ আৰু ২৩ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্যৰ ৩৩খনকৈ জিলাৰ উপায়ুক্তৰ সন্মিলন। উদ্দেশ্য আছিল চৰকাৰৰ উন্নয়ন আঁচনিসমূহৰে জড়িত সকলো বিভাগৰ কাৰ্যক্ৰমণিকাৰ উপায়ুক্ত সকলৰ পৰ্যবেক্ষণৰ আওতালৈ অনা আৰু ইয়াৰ বাবে ফলপ্ৰসূ ৰূপৰেখা প্ৰস্তুত কৰা- যাতে পুঁজিৰ অপচয় বা অনিয়ম সংঘটিত নহয়। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব , মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যিক কেবিনেটৰ প্ৰায়সকল মন্ত্ৰীয়েই উপস্থিত আছিল।

অসম চৰকাৰৰ কাৰ্যক্ৰমণিকাৰ ইতিহাসত সম্ভৱত এইখনেই পাহাৰীয়া জিলাখনত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠক য'ত সকলো জিলাৰ উপায়ুক্তই বিভিন্ন বিভাগীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবেৰে আঁচনি ৰূপায়নত বিভিন্ন বিভাগৰ মাজত সংহত আন্তঃসংযোগ নথকাৰ ফলত হোৱা অসুবিধাৰ বিষয়ে মুকলি আলোচনা কৰাৰ সুযোগ পাইছিল। আনহাতে, কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা জল জীৱন মিছন আঁচনিখন যাতে অসমৰ প্ৰতিখন গাঁৱত সঠিকবাৱে ৰূপায়ন হয় তাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত চোকা নজৰ ৰখাৰ কৰ্তৃত্বও বৈঠকখনত উপায়ুক্তসকলক এক প্ৰকাৰে গতাই দিয়া হৈছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ কেইটামান মাহৰ পাছতে এনে পদক্ষেপ লোৱাৰ বাবে সকলোৱে তেওঁক প্ৰশংসাও কৰিছিল। কিন্তু এই দুদিনীয়া বৈঠকখনত হোৱা ব্যয়ৰ বাবদ ৰাজ্য চৰকাৰলৈ শেহতীয়াকৈ প্ৰেৰণ কৰা বিল দেখি পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰণালয়ৰ লগতে বিত্ত বিভাগৰ সংশ্লিষ্ট বিষয়াৰ মুৰ্চা যোৱা অৱস্থা হৈছে। দুদিন পূৰ্বে দুদিনীয়া বৈঠকত হোৱা বিল দিছপুৰ পাইছেহি। য'ত কোৱা হৈছে – বিষয়া-আমোলাসকলৰ ভ্ৰমণ বানচ প্ৰসংগ বাদ দিও এই বৈঠকত খৰচ হৈছিল মুঠ ৫৬ কোটি ৮৩ লাখ টকা। অপচয় ৰোধ কৰিবলৈ অনুষ্ঠিত হোৱা এখন সভাতে এই বৃহৎ পুঁজিৰ ব্যয় হোৱা ঘটনাই দিছপুৰৰ আমোলাবৰ্গৰ মাজত এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে বিভিন্ন জিলাৰ পৰা যোৱা উপায়ুক্তসকলে সুকীয়া সুকীয়াকৈ চৰকাৰৰ পৰা নিশ্চিতভাৱে ভ্ৰমণ বানচ লাভ কৰিব। একেদৰে মন্ত্ৰী আৰু দিছপুৰৰ আন আমোলায়ো উক্ত বানচৰ লগতে বৃহৎ পৰিমানৰ তেলৰ দাম আদায় কৰিব। ইফালে, দেওবাৰৰ দিনা আৰম্ভ হোৱা বৈঠকখনৰ আৰম্ভণিৰ দিনটোৰ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী, মন্ত্ৰী পীয়ুষ হাজৰিকা আদিয়ে তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত থকাৰ বিপৰীতে বিত্তমন্ত্ৰী অজন্তা নেওগ আছিল কাৰ্বি কালছাৰেল ছ'চাইটিৰ তদাৰকত থকা তাৰা লাংছুৰ অতিথিশালাত।

সেইদৰে বহুতে ডিফুৰ আৰ্বৰেট'ম কাম ক্ৰাফ্ট চেন্টাৰৰ অতিথিশালাত নিশা কটোৱাৰ লগতে আন একাংশই ছাৰ্কিট হাউছ, বিভিন্ন বিভাগৰ অতিথিশালা আদিত নিশা যাপন কৰাৰ লগতে সংশ্লিষ্ট বিভাগে যোগান ধৰা আহাৰো গ্ৰহণ কৰিছিল। পিছদিনা দিনৰ ভাগতেই সকলো বিভিন্ন জিলালৈ গমন কৰাৰ লগতে একাংশ মন্ত্ৰী আগনিশাই ডিফুৰ পৰা উভতি আহে।এতিয়া প্ৰশ্নটো হ'ল চৰকাৰী আঁচনিত সংঘটিত দুৰ্নীতি-অনিয়ম ৰোধৰ কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ অনুষ্ঠিত কৰা এই বৈঠকখনত ভ্ৰমণ বানচকে ধৰি তাত হোৱা ব্যয়ৰ হিচাপ কৰিলে সেই সংখ্যাই ৫৬.৮৩ কোটিৰ ঘৰ অতিক্ৰম কৰি ১০০ কোটিৰ ঘৰ যে চুবগৈ এই কথা সহজেই অনুমেয়।

এই বৃহৎ ব্যয়ৰ বিল বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিলৈ আহিছে নে নাই সেই কথা এতিয়াও জ্ঞাত হোৱা নাই যদিও দিছপুৰত এইবোৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেইদিনমান পূৰ্বে এইখন চৰকাৰৰ কাৰ্যকালতে ছাৰ্টাড ফ্লাইট আৰু হেলিকপ্টাৰৰ বিলৰ বাবদ চৰকাৰৰ ঘৰৰ পৰা ৫২ কোটি টকা আদায় দিয়াৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰাৰ নামত ৰাজহুৱা ধন সৰাধ কৰা বিষয়টো লৈও বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এই কথা সঁচা যে ক্ষমতাৰ প্ৰকৃত বিকেন্দ্ৰিকৰণ কৰাৰ লগতে প্ৰশাসনক জনতাৰ কাষ চপাই নিয়াৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন নিশ্চয় আছে।

কিন্তু এয়া কেতিয়াও ব্যয় বহুল-বিলাসী ভ্ৰমণৰ নামান্তৰ হ'ব নোৱাৰে। যি সময়ত কোৰোনাৰ গ্ৰাসত পৰি দেশৰ লগতে ৰাজ্যখনৰ অৰ্থনীতি প্ৰায় কোঙা হৈ উঠিছে, জিডিপি তললৈ নামিছে, সেই সময়ত জিডিপিৰ সুস্থিৰতা বৰ্তাই ৰখাৰ বাবেই চাৰিটা নীতি অৱলম্বন কৰাৰ অতিকৈ প্ৰয়োজন আছিল। এয়া দেশৰ অৰ্থনৈতিক সুস্থিৰতা সন্দৰ্ভত অৰ্থনীতিবিদ আৰু নীতি আয়োগে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনাৰ ওপৰতে প্ৰতিষ্ঠিত। ইয়াৰে এটা হ'ল উৎপাদন বৃদ্ধি কৰা, কৰ-ৰাজহ সংগ্ৰহৰ ব্যৱস্থা সুৰুঙাবিহীন আৰু সুসংগঠিত কৰি তোলা, তৃতীয়টো হ'ল সকলো ধৰণৰ প্ৰয়োজনাধিক ব্যয় বৰ্জন কৰা আৰু চতুৰ্থটো হ'ল বাজেটৰ সৈতে সামঞ্জস্য ৰাখি সন্তুলিত ব্যয় নীতি অৱলম্বন কৰা।

কিন্তু ডিফুত অনুষ্ঠিত হোৱা এই উপায়ুক্ত সন্মিলনত হোৱা ব্যয়ৰ বিলে কিদৰে একাংশ ঠিকাদাৰ-আমোলাই বিশাল পুঁজি বিভিন্ন অজুহাতত ৰাজভঁড়ালৰ পৰা সৰকাই নিয়াৰ সুযোগ অনবৰতে গ্ৰহণ কৰিছে সেই কথা স্পষ্ট কৰি দিছে। এতিয়া এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া অৱশ্যে লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in