নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কি স্থিতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ

ফাইল ফটো
ফাইল ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ।
  • ৮৮সংখ্যক মৰিগাঁও অধিবেশনৰ এই কথা জনালে সংঘই।
  • অন্তিম দিনটোত সংঘই স্পষ্ট কৰিলে এই কথা।
  • সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰাই বিধেয়কৰ বিৰুদ্ধে মত দিয়াৰ কথা জনালে।
  • তেওঁলোকে স্পষ্টকৈ ক'লে, "শ্ৰীমন্ত শংকৰদেৱ সংঘই বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ৷"
  • শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায়েই অসমীয়া জাতিৰ লগত আছে বুলিও জনালে তেওঁলোকে।
  • লগতে তেওঁলোকে জনালে যে, "জাতিৰ অস্তিত্ব ৰক্ষাত সদায় ব্ৰতী সংঘ।"
  • চৰকাৰ ৰাইজে পাতিছে, চৰকাৰে ৰাইজৰ কথা শুনিব লাগিব বুলিও হুংকাৰ দিলে সংঘৰ ২ বিষয়ববীয়াই।
  • অধিবেশনৰ শেষৰ দিনা বিনাপ্ৰতিদ্বন্দ্বিতাৰে পুনৰ প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত বাবুল বৰাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ন্যাসৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিব।
  • ইফালে, লক্ষ লক্ষ লোকৰ সমবেশ ঘটা অধিবেশনৰ অন্তিম মুকলি সভা পাছতে বিয়লি সংঘৰ পতাকা নমোৱাৰ সময়ত ভক্তপ্ৰাণ ৰাইজৰ মাজত কান্দোনৰ ৰোল।
  • শনিবাৰে নিশা মৰিগাঁৱতে নামঘৰত এই পতাকা ৰখাৰ পাছত লৈ যোৱা হ'ব মুখ্য কাৰ্যালয়লৈ।
  • লোকাৰণ্য লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অধিবেশনৰ অন্তিম কাৰ্যসূচীত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।
  • চকুলো টুকি ঘৰমুৱা হয় লক্ষ লক্ষ ভক্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in