‘পিএম নৰেন্দ্ৰ মোডী’ক লৈ বিবেক অবেৰয়ৰ সংবাদমেল, টুইটাৰত কোনে কৰিলে সমালোচনা

‘পিএম নৰেন্দ্ৰ মোডী’ক লৈ বিবেক অবেৰয়ৰ সংবাদমেল, টুইটাৰত কোনে কৰিলে সমালোচনা

ডিজিটেল ডেস্কঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক হিন্দী ছবি ২০১৯ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই মুক্তি পাব। ছবিখনত নৰেন্দ্ৰ মোডীৰ অভিনয় কৰিব অভিনেতা বিবেক অবেৰয়ে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পূৰ্বে অৰ্থাৎ ৫ এপ্ৰিলত মুক্তি পাব ছবিখন। গতিকে ছবিখনৰ বাবে 'পি এম নৰেন্দ্ৰ মোডী' ছবিখনৰ ব্যাপক হাৰত প্ৰচাৰ কৰা হৈছে।

ছবিখনত প্ৰধানমন্ত্ৰী মোডীৰ চৰিত্ৰত অভিনয় কৰিব বিবেক অবেৰয়ে। কিছুদিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল। য'ত উপস্থিত আছিল বিবেক অবৰায়ৰ লগতে ছবিখন নিৰ্মাণ কৰা দলৰ আনবোৰ সদস্য। ইফালে, ছবিখনৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত সংবাদমেল সন্দৰ্ভত ষ্টেণ্ডআপ কমেডিয়ান কুণাল কামৰাই প্ৰধানমন্ত্ৰী মোডী আৰু অভিনেতাগৰাকীক তীব্ৰ সমালোচনা কৰিছে।

মোডী আৰু বিবেকৰ সমালোচনা কৰি কুণাল কামৰাই টুইটাৰযোগে কয়- বিবেক অবেৰয়ে 'পি এম নৰেন্দ্ৰ মোডী' ছবিখনৰ প্ৰচাৰৰ বাবে সংবাদমেল সম্বোধন কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ প্ৰায় ৫ বছৰীয়া কাৰ্যকালত এখনো সংবাদমেল সম্বোধন কৰা নাই। ক'ত লাভ কৰিব ইমানবোৰ সন্তুষ্টি?' টুইটটো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি, কুণাল কামৰাই ইয়াৰ পূৰ্বেও 'ময়ো চকীদাৰ' প্ৰচাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক টুইটাৰযোগে সমালোচনা কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in