ইণ্ডিগ’ বিমানত অৰ্ণৱ গোস্বামীৰ সৈতে কি হৈছিল কুণাল কামৰাৰ, VIDEO

ইণ্ডিগ’ বিমানত অৰ্ণৱ গোস্বামীৰ সৈতে কি হৈছিল কুণাল কামৰাৰ, VIDEO

ডিজিটেল ডেস্কঃ ইণ্ডিগ' আৰু এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ জেট এয়াৰৱেজ আৰু স্পাইচজেটে নিষিদ্ধ কৰিলে ষ্টেণ্ডআপ কমেডিয়ান কুণাল কামৰাক। ইণ্ডিগ' বিমানত সাংবাদিক তথা ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীক মঙলবাৰে অভৱ্য আচৰণ কৰাৰ অভিযোগত কমেডিয়ানগৰাকীক নিষিদ্ধ ঘোষণা কৰা হৈছে। ইয়াৰে ইণ্ডিগ' বিমানে ৬ মাহৰ বাবে তেওঁক নিষিদ্ধ কৰিছে।

ইণ্ডিগ'ই টুইট যোগে প্ৰকাশ কৰিছে কুণাল কামৰাক ৬ মাহৰ বাবে তেওঁৰ যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা। উল্লেখ্য যে, কামৰাই মঙলবাৰে ৬ই ৫৩১৭ নম্বৰৰ বিমানখনেৰে মুম্বাইৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰিছিল। টুইটটোত ইণ্ডিগ'ৰ তৰফৰ পৰা ইয়াকো কোৱা হৈছে যে, বিমানত অভৱ্য আচৰণ কৰে কমেডিয়ানজনে।

কমেডিয়ান কুণাল কামৰাই অৰ্ণৱ গোস্বামীক কোনো এটা প্ৰশ্ন সোধা এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল। ভাইৰেল হোৱা ভিডিঅ'টো প্ৰথম নিজৰ টুইটাৰত মুকলি কৰি দিছিল কমেডিয়ান কুণাল কামৰাই। য'ত কমেডিয়ানগৰাকীয়ে অৰ্ণৱ গোস্বামীক "coward or a journalist or a nationalist" বুলি প্ৰশ্ন কৰিছিল।

অৱশ্যে তেওঁৰ এই প্ৰশ্নৰ উত্তৰ দিয়া নাছিল অৰ্ণৱ গোস্বামীয়ে। তাৰ বিপৰীতে সাংবাদিকগৰাকীয়ে লেপটপত কিবা চোৱাতহে মগ্ন আছিল। কামৰাই সুধিছিল, "Viewers want to know if Arnab today is a coward or a nationalist. Arnab, this is for national interest. I am part of the tukde-tukde narrative. You should deflate me. You should take the enemy of the states down. You should make sure that the country is in safe hands of Narendra Modi."

কামৰাই লগতে সুধিছিল, "You should fight against dynasts like Rahul Gandhi, who I support, on 10 Tughlaq Lane. Arnab, you should have a reply, Arnab. Arnab, are you a coward or are you a journalist? Are you a coward or are you a journalist or a nationalist? Who are you, Arnab? Who are you?" "You know, you do not deserve my politeness. This is not for you. This is for Rohith Vemula's mother whose caste you were discussing on your…show. I know this is not allowed. This is fine. It's fine if it is not allowed. I'd go to jail for this. But this is for Rohith's mother. And go…find time and read that 10-page suicide letter that Rohith wrote so that you have some emotion or some heart or you just become human. Do that. Do that you in your free time. You nationalist."

সমগ্ৰ ঘটনাটোক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো কোনো লোকে অৰ্ণৱ গোস্বামীক সমৰ্থন কৰাৰ সমান্তৰালভাৱে আন একাংশই কমেডিয়ানগৰাকীক সমৰ্থন কৰিছে। তাৰ মাজতে কুণাল কামৰাই মাফো খুজিছে। কৈছে, "মই এজনক বাদ দি সকলো যাত্ৰীৰে ওচৰত মাফ খুজিছো।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in