ড্ৰাগছ সেৱন! স্বামীৰ সৈতে কমেডিয়ান ভাৰতী সিঙক আটক…

ড্ৰাগছ সেৱন! স্বামীৰ সৈতে কমেডিয়ান ভাৰতী সিঙক আটক…

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ পাছতে বলিউদত ড্ৰাগছ সৰবৰাহ আৰু সেৱন কৰা বহু শিল্পীৰ নাম পোহৰলৈ আহিছে। শেহতীয়াকৈ অনুসন্ধানৰ খাতিৰত এন চি বিয়ে আটক কৰিছে জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক।

ভাৰতী সিঙৰ তিনিটাকৈ বাসগৃহত এন চি বিয়ে তালাচী চলাইছিল আৰু তাৰ পিছতে তেওঁলোকক আটক কৰে এন চি বিয়ে। উল্লেখ্য যে, ভাৰতী আৰু তেওঁৰ স্বামীৰ ওপৰত ড্ৰাগছ সেৱন কৰা অভিযোগৰ ভিত্তিত তালাচী চলোৱা হৈছিল। বৰ্তমান এন চি বিয়ে সোধা পোচা কৰি আছে দুয়োকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in