কালাৰ্ছ টিভিত ভূপেন হাজৰিকাৰ গীতক লৈ বিশেষ অনুষ্ঠান

কালাৰ্ছ টিভিত ভূপেন হাজৰিকাৰ গীতক লৈ বিশেষ অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেৱভাষা সংস্কৃতৰ গীতেৰে অলেখ শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰা নগঞা শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংগীত প্ৰতিভাই ইতিমধ্যেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় স্তৰত৷ সাম্প্ৰতিক সময়ত প্ৰায় অৱহেলিত হবলৈ ধৰা সংস্কৃত ভাষাত সুধাকণ্ঠ
ড° ভূপেন হাজৰিকাৰ জনপ্ৰিয় কেতবোৰ গীতৰ জৰিয়তে শ্ৰোতাক মধুৰ সোৱাদ দিবলৈ সক্ষম হৈছে নগাঁৱৰ শিল্পীজনে৷

শেহতীয়াকৈ ব্যতিক্ৰমভাৱে ভাষা আৰু সংস্কৃতিৰ সেৱাত ব্ৰতী শিল্পী বেজবৰুৱাই দেশৰ জনপ্ৰিয় এণ্টাৰটেইণ্টমেণ্ট চেনেল কালাৰ্ছ টিভিত বিশ্বশিল্পী ড° ভূপেন হাজৰিকাৰ গীত সংস্কৃত ভাষাত নৃত্যসহ পৰিৱশেন কৰিছে। সংগীত-নৃত্যৰ এই বিশেষ অনুষ্ঠানটোৰ দৃশ্যগ্ৰহণ ইতিমধ্যে যোৱা ১৮ আগষ্টত সম্পন্ন হৈছে বুলি জানিবলৈ দিছে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে, বেবেজীয়াৰ সমীপৰ ব্ৰাহ্মণ গাঁৱ নিবাসী ৰঞ্জন বেজবৰুৱাই পৰিবেশন কৰা সুধাকণ্ঠৰ 'বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে' শীৰ্ষক গীতৰ(সংস্কৃত) আধাৰত নগাঁৱৰ বিশিষ্ট নৃত্যশিল্পী ইলোৰা বৰা পৰিচালিত 'নৃত্যকলা কেন্দ্ৰ'ৰ এটি শিল্পীৰ দলে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানটোত।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্য এই প্ৰসিদ্ধ গীতটিৰ সংস্কৃত ৰূপান্তৰ আৰু ভাৰত নাট্যম শৈলীৰ নৃত্যৰূপে অধিক বৰ্ণিল, ধ্ৰুপদী ৰসযুক্ত আৰু বিশ্বজনীন কৰিব বুলি বিশ্বাস কৰি কালাৰ্ছ টিভিয়ে তেওঁলোকৰ একক ৰিয়েলিটি শ্ব' 'ইণ্ডিয়া গ'ট টেলেন্ট' শীৰ্ষক অতি জনপ্ৰিয় অনুষ্ঠানটিত বিশেষ মৰ্যাদাৰে উপস্থাপন কৰাৰ কথা চিন্তা কৰি ১০জনীয়া শিল্পীৰ দলটিক আমন্ত্ৰণ জনাইছিল বুলিও জনাইছে শিল্পী বেজবৰুৱাই৷

সংগীত-নৃত্যৰ এই দলটিত 'নৃত্য কলাকেন্দ্ৰ' বিদ্যালয়ৰ অধীনত নগাঁৱৰ উপৰি মৰিগাঁও, ৰহা, ধিং, নুমলীগড়, গুৱাহাটী, শিৱসাগৰ আদিৰ নিৰ্বাচিত শিল্পীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটো অচিৰেই ৰাষ্ট্ৰীয় চেনেলটোৰ যোগে সম্প্ৰচাৰিত হ'ব বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in