মায়ঙৰ ঝাৰগাঁৱত কলেজীয়া ছাত্ৰীৰ আত্মহত্যা…

মায়ঙৰ ঝাৰগাঁৱত কলেজীয়া ছাত্ৰীৰ আত্মহত্যা…

ডিজিটেল সংবাদ,মায়ং : মায়ঙৰ ঝাৰগাঁৱত কলেজীয়া ছাত্ৰীৰ আত্মহত্যাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্র ঝাৰগাঁও অঞ্চলত।জাগীৰোড থানা ৰ অন্তৰ্গত ঝাৰগাঁও বীৰ লাচিত খেলপথাৰৰ সময়তে ঘৰ ছাত্ৰী গৰাকীৰ।ঘৰৰ ভিতৰত ডিঙিত চিপ জৰী লৈ আত্মহত্যা কৰে ছাত্ৰী গৰাকীয়ে।ছাত্ৰী গৰাকীৰ নাম ৰাখি দাস(২২) বুলি জানিব পৰা গৈছে।

ঝাৰগাঁও মোহনবাশী দাস কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী আছিল ৰাখি।আজি পৰীক্ষাও আছিল ছাত্ৰী গৰাকীৰ।কি কাৰণত আত্মহত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।ৰহস্য হৈ আছে মৃত্যুৰ কাৰণ।পৰিয়ালৰ লোকে ও নাজানে মৃত্যুৰ কাৰণ।জাগীৰোড থানাৰ সহকাৰী আৰক্ষী পৰিদৰ্শক তৰুণ চন্দ্ৰ ডেকা আৰু দণ্ডাধীশ গৌতম ভাস্কৰ উপস্থিত হৈছে ঘটনাস্থলীত।তদন্ত অব্যাহত আছে ।

মৰণোত্তৰ পৰীক্ষাৰ পিছত আৰক্ষী তদন্তত ওলাই পৰিব মৃত্যুৰ কাৰণ।ছাত্ৰী গৰাকীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো আৰক্ষীয়ে লাভ কৰিছে।অৱশ্যে আৰক্ষীৰ অনুসন্ধানত সকলো তথ্য পোহৰলৈ অহাৰ সম্ভৱনা আছে। ছাত্ৰী গৰাকীৰ মৃত্যুত গাঁও খনৰ লগতে মহাবিদ্যালয় খনত শোকৰ ছাঁ পৰিছে।এগৰাকী কলেজীয়া ছাত্ৰীৰ আকস্মিক মৃত্যুক সহজ ভাবে মানি লব পৰা নাই স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in