এন আৰ চিৰ নামত একাংশৰ ধন সংগ্ৰহ, চিআইডিৰ অতিৰিক্ত সঞ্চালকক অভিযোগ পত্ৰ…

এন আৰ চিৰ নামত একাংশৰ ধন সংগ্ৰহ, চিআইডিৰ অতিৰিক্ত সঞ্চালকক অভিযোগ পত্ৰ…

ডিজিটেল ডেস্কঃ এন আৰ চি অৰ্থাৎ নাগৰিক পঞ্জী উন্নীতকৰণৰ শুনানি অনুষ্ঠিত কৰাৰ নামত একাংশ লোকে এন আৰ চি কৰ্তৃপক্ষই হাৰাশাস্তি কৰাৰ অভিযোগ তুলি ছ'চিয়েল মিডিয়াত আতংক বিয়পাই সংগ্ৰহ কৰিছে ধন। এইদৰে দীৰ্ঘদিন ধৰি চক্ৰটোৱে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত পৰা এই অভিযোগ মতে, এই চক্ৰৰে জড়িত কেইজনমান লোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আতংক আৰু অপপ্ৰচাৰ বিয়পাই ধন সংগ্ৰহ কৰাৰ লিখিত অভিযোগ দাখিল কৰা হৈছে চিআইডিৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ হাতত।

১৩ আগষ্টত এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে চিআইডিক দাখিল কৰা অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে ৰেহেনা চুলতানা, ছফিকুল ইছলাম, মৌচুমী চেতিয়া আদিয়ে ধন সংগ্ৰহৰ বাবে ফেচবুকৰ জৰিয়তে দুটা একাউন্ট ৰাজহুৱা কৰিছে।

তাৰে এটা ভাৰতীয় ষ্টেট বেংকৰ একাউন্টৰ নম্বৰ হ'ল- ৩২৫৭৯২৬০৪৪১। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ষ্টেট বেংকৰ শাখাত এই একাউন্টটো আছে ছফিকুল ইছলামৰ নামত। ছ'চিয়েল মিডিয়াযোগে ধন সংগ্ৰহ কৰা আনটো একাউন্ট আশ্ৰাফুল হুছেইনৰ নামত আছে বুলি অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে।

সেই একাউন্ট নম্বৰটো কানাড়া বেংকৰ বৰপেটা শাখাত আছে আৰু ইয়াৰ একাউন্ট নম্বৰ- ৬৬৮০১০১০০১৩৪৯। আৰ টি আই কৰ্মী দুলাল বৰাই এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি বেংকৰ একাউন্ট দুটাত থকা ধনসমূহ জব্দ কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে আবেদনখনত।

লগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত চলা প্ৰক্ৰিয়াটোক প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্যৰে বাধা জন্মোৱাৰ বাবে এইসকল লোকৰ বিৰুদ্ধে গোচৰ তৰিবলৈও চিআইডিক দাবী জনাইছে।

দুষ্ট চক্ৰটোৱে ৩ আগষ্টৰ পৰা নামনি অসমত ছ'চিয়েল মিডিয়াযোগে এনে অপপ্ৰচাৰেৰে এফালে এন আৰ চি প্ৰক্ৰিয়াক স্থবিৰ কৰাৰ ষড়যন্ত্ৰ ৰচাৰ লগতে আনফালে এক শংকাময় পৰিৱেশৰ সৃষ্টি কৰি সহজ সৰল লোকসকলৰ নাম লৈ বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মীগৰাকীয়ে।

ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰা হৈছিল এই অভিযোগ পত্ৰত উল্লেখ থকা ছফিকুল ইছলামৰ পৰা। এন আৰ চিৰ তথ্য পুনৰ পৰীক্ষাৰ বাবে অতি কম সময়ৰ ভিতৰত জাননী দি মতাত দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে তেওঁলোক কেইজনমানে মিলি সেই লোকসকলক সহায় কৰিবৰ বাবে কিছু ধন সংগ্ৰহ কৰাৰ কথা জানিবলৈ দিয়ে।

এই সংগ্ৰহীত ধন খানাপাৰাত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক আৰু এন আৰ চিৰ বাবে যোৱা লোকসকলৰ বাবে ব্যয় কৰা হৈছিল বুলিও তেওঁ কয়। ছালমা হুছেইনকে ধৰি কেইবাজনো লোক জড়িত হৈ নিৰীহ লোকসকলৰ সাহায্যৰ্থে তেনে কৰা হৈছিল আৰু সংগ্ৰহীত ধনৰ সকলো তথ্য প্ৰয়োজনত দিব পৰা যাব বুলি জানিবলৈ দিয়ে ছফিকুল ইছলামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in