কাৰাগাৰৰ পৰা পলাবলৈ সতীৰ্থ বন্দীক খুৱাইছিল নিছাযুক্ত ৰসগোল্লা, জে’ল বিষয়াৰে গঢ়িছিল মধুৰ সম্পৰ্ক…

কাৰাগাৰৰ পৰা পলাবলৈ সতীৰ্থ বন্দীক খুৱাইছিল নিছাযুক্ত ৰসগোল্লা, জে’ল বিষয়াৰে গঢ়িছিল মধুৰ সম্পৰ্ক…

ডিজিটেল ডেস্কঃ কৰিমগঞ্জ কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কাৰাবন্দীয়ে বুধবাৰে ভালেকেইজন সতীৰ্থ বন্দীক ৰসগোল্লা খুৱাইছিল। তেওঁলোকক কাৰোবাৰ জন্মদিনৰ কথা কৈ খাবলৈ দিয়া এই ৰসগোল্লাত আছিল নিছাযুক্ত দ্ৰব্যৰ মিশ্ৰণ। যাৰ ফলত বহু কেইজনে ২ বন্দী পলাই যোৱাৰ কথাটো গম নাপায়েই, এতিয়ালৈকে সম্পূৰ্ণৰূপে চেতনাও ঘূৰাই পোৱা নাই।

ইতিমধ্যে চিকিৎসক আৰু দণ্ডাধীশৰ দল এটাই কাৰাগাৰ পৰিদৰ্শন কৰাৰ লগতে অচেতন আৰু অৰ্ধচেতন অৱস্থাত থকা এই বন্দী সকলৰ চিকিৎসাৰ তদাৰক কৰাৰ লগতে পলাতক বন্দী কেইজনৰ কৌশল সন্দৰ্ভত সূত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীৰ এটা দলেও তদন্ত চলাই আছে।

আনহাতে কাৰাগাৰখনত কয়দীৰূপে থকা লোকৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ২ পলাতক বন্দীৰ জে'ল বিষয়াসকলৰ লগতো আছিল সু সম্পৰ্ক। এই সম্পৰ্কৰ সুবাদতে কাৰ্যালয়ত এটা লেপটপ দিয়াৰ উপৰি এজন কনিষ্ঠ বিষয়াক এটা ঘড়ীও উপহাৰ দিছিল পলাতক কাৰাবন্দী মহম্মদ নাছিম আহমেদে।

ইফালে বৰ্তমানলৈকে নাম নজনা বাংলাদেশৰ আটক বন্দীটোৰ সৈতে চুবুৰীয়া দেশখনত ঘাতী পতা জেহাদীৰ কোনো সম্পৰ্ক আছিল নেকি, সেই বিষয়েও আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে। সন্দেহ কৰা মতে, কাৰাগাৰখন সন্দৰ্ভত বাংলাদেশী এই বন্দীজনে বহু তথ্য অজ্ঞাত স্থানলৈ সৰবৰাহ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in