শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

শিক্ষা সংসদৰ ঘোষণাঃ সাই বিকাশকে ধৰি বহু সংখ্যক কোচিং চেণ্টাৰ অবৈধ

1,135

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি পাইছে কোচিং চেন্টাৰ৷ ধন ঘটাৰ লালসাৰে আৰম্ভ হোৱা এই পাবত গজা শিক্ষানুুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ আলম লৈ ব্যৱসায়ৰ পোহাৰ মেলিছে ৰাজ্যত৷ মহানগৰীৰ অলিয়ে গলিয়ে ইচ্ছা গ’লেই স্থাপন কৰি লোৱা এনে কোচিং চেন্টাৰসমূহে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ আৰম্ভ কৰিছে হেতালি খেলাৰ৷

উচ্চ শিক্ষা আহৰণৰ ইচ্ছা অথৱা বিভিন্ন ব্যৱহাৰিক শিক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীক বিভিন্ন প্ৰলোভন দেখুৱাই মোহিত কৰে এইসমূহ কাঠফুলাৰ দৰে গজি উঠা প্ৰতিষ্ঠানে৷ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত ‘কোচিং চেন্টাৰঃ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ নে ধন ঘটাৰ ব্যৱসায়’ শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ পাইছিল ছেপ্টেম্বৰ মাহত৷ প্ৰতিবেদনখনত আমি মহানগৰীত কোচিং চেন্টাৰসমূহে পেলোৱা জালৰ কিছু তথ্য ফাদিল কৰিছিলো৷

মহানগৰীত এনেদৰে গঢ়ি উঠা কোচিং চেন্টাৰসমূহৰ ক্ষেত্ৰত প্ৰকাশ পোৱা বাতৰিৰ পাছতেই তৎপৰ হৈছে মহানগৰ প্ৰশাসন৷ ছাত্ৰ-ছাত্ৰীক উন্নত ভৱিষ্যতৰ সপোন দেখুৱাই লুট চলাই অহা এটা কোচিং চেন্টাৰ হৈছে ‘সাই বিকাশ ফাউণ্ডেশ্যন’৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে এই শিক্ষা প্ৰতিষ্ঠানখনৰ শাখা৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই পোহৰলৈ আহিছে ‘সাই বিকাশ ফাউণ্ডেশ্যন’ৰ সঞ্চালক এছ আৰ ৰেড্ডীয়ে চলাই অহা লুণ্ঠনৰ খবৰ৷

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ নিৰ্দেশত শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে চলে এক তদন্ত৷ উল্লেখ্য যে, মহানগৰীৰ শিলপুখুৰী, গণেশগুৰি, লখৰা আহোম গাঁৱৰ লগতে যোৰহাট, শিলচৰ ইত্যাদিতো আছে সাই বিকাশৰ শাখা প্ৰতিষ্ঠান৷ কিন্তু শিলপুখুৰীৰ বাহিৰে আন কোনো প্ৰতিষ্ঠানৰ ক্ষেত্ৰতেই সাই বিকাশ কৰ্তৃপক্ষই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা লোৱা নাই অনুমতি৷

প্ৰতিষ্ঠানখনৰ সঞ্চালক এছ আৰ ৰেড্ডীয়ে সংসদৰ পৰা এই অনুমতি লোৱা বুলি দাবী কৰিলেও এই দাবী নসাৎ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ সচিবগৰাকীয়ে৷ সচিবগৰাকীৰ মতে সাই বিকাশে মাত্ৰ শিলপুখুৰী প্ৰতিষ্ঠানৰ বাবেহে তেওঁলোকৰ পৰা অনুমতি লৈছিল৷ অনুমতি অবিহনে চলাই থকা সকলো প্ৰতিষ্ঠানেই অবৈধ বুলি গণ্য কৰা হ’ব৷ ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ নিৰ্দেশত হোৱা তদন্তৰ প্ৰতিবেদন সংসদলৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে৷

উচ্চতম মাধ্যমিক শিক্ষা সংসদৰ পৰা অনুমতি লৈ এনেদৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ নামত লুণ্ঠন চলাই অহা প্ৰতিষ্ঠানে অবৈধভাৱে চি বি এছ ই পাঠ্যক্ৰমো দি আহিছে৷ ইঞ্জিনিয়াৰিং, মেডিকেলৰ দৰে পাঠ্যক্ৰম দিয়াৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা লুটি আহিছে ৩-৪ লাখ টকা৷ পৰ্যাপ্ত অনুমতি নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীক দিয়া শিক্ষাৰ নামত লাখ লাখ টকাৰ লুট চলাই অহা এইসমূহ প্ৰতিষ্ঠানৰ খবৰ ল’বলৈ আহৰি নাই উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় তথা ৰাজ্যৰ শিক্ষা বিভাগৰ৷ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ভাষণৰ ফুলজাৰিৰে জনসাধাৰণৰ বিশ্বাসৰ পাত্ৰ হ’বলৈ চেষ্টা কৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ চকুৰ আগতেই এনেদৰে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁৰ আহৰি নাই৷

সংবাদ মাধ্যমৰ সন্মুখত মাছৰ বজাৰত গৈ প্ৰশাসনৰ লোকক দম্ভালি মাৰি মাছৰ বজাৰ বন্ধ কৰিবলৈ যোৱা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে নেতাৰ ওপৰত ৰাইজৰ আস্থা হেৰাইছে৷ শিক্ষা দিয়াৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ টকা লোৱা কোচিং চেন্টাৰৰ আভিজাত্যৰ ৰেহ-ৰূপ দেখি পেটত হাত-ভৰি লুকাই বহুতৰ৷ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক কোচিং চেন্টাৰ সমূহে বিপথে পৰিচালিত কৰে৷ চি বি এছ চিৰ অনুমোদন নোপোৱাকৈয়ে তেওঁলোকে অনুমোদন পোৱা বুলি প্ৰচাৰ চলাইছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰলোভিত কৰিবলৈ চেষ্টা কৰি কোচিং চেন্টাৰসমূহে কিছু অসম্ভৱ সপোন দেখুওৱাৰ চেষ্টা কৰে৷

কোচিং চেন্টাৰৰ এনে কৌশলী নীতিৰ বাবে বিপথে পৰিচালিত হৈছে বহু অভিভাৱক৷ মহানগৰীৰ কোচিং চেন্টাৰত শিক্ষাগ্ৰহণ কৰা এগৰাকী যুৱতীৰ মতে নিৰ্দিষ্ট সময়ত শিক্ষাদান সম্পূৰ্ণ নকৰে একাংশ কোচিং চেন্টাৰে৷ কিন্তু নিৰ্দিষ্ট সময়ত ছাত্ৰ-ছাত্ৰীসকলে কোচিং চেন্টাৰ এৰি যাবলগীয়া হয়৷ সাই বিকাশৰ লগতে মহানগৰীত আছে অন্যান্য বহু প্ৰতিষ্ঠান৷ এই প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীসকলক লুণ্ঠন চলাই ধনৰ ব্যৱসায় কৰি আহিছে৷ ৰাজ্যৰ শিক্ষাখণ্ডৰ গুৰু দায়িত্বত থকা বিয়াগোম শিক্ষা বিভাগ আৰু শিক্ষা সংসদে এই অবৈধ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে উচিত কাৰ্যপন্থা হাতত ল’বনে সেয়া হ’ব লক্ষণীয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি